বুধবাৰে হঠা९ অসুস্থ হৈ চিকি९সাধীন হোৱা জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ।নেমকেয়াৰ হাস্পাতালৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি বৰ্তমান জুবিন বিপদমুক্ত।বুধবাৰে পুৱা ষ্টুডিয়ত পিছলি পৰে।লগে লগে তেওঁক নেমকেয়াৰ চিকি९সালয়তৰ জৰুৰীকালীন কক্ষত ভৰ্তি কৰায়।ৰাজ্যজুৰি জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি তেওঁৰ অনুৰাগী সকলে তেওঁৰ আশুআৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছিল। বৰ্তমান চিকি९সালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি জুবিন গাৰ্গৰ তত্বাবধানত আছে কেইবাগৰাকীও বিশেষজ্ঞ চিকি९ক।নেমকেয়াৰ চিকি९সালয়ৰ পৰিচালন সঞ্চালক ডা:হিতেশ বৰুৱাই জুবিন গাৰ্গক কিছু দিনৰ জিৰণিৰ প্ৰয়োজন আছে বুলি জনাইছে।