মূল্যবৃদ্ধিৰ সন্দৰ্ভত জুবিন গাৰ্গৰ মন্তব্য

Share

গুৱাহাটী,১২ এপ্ৰিল: মূল্যবৃদ্ধিয়ে ৰামটাঙোন সোধাইছে সাধাৰণ জনতাক৷ পেট্ৰল ডিজেলৰ লগতে প্ৰতিদিনে মূল্য বৃদ্ধি পাইছে আন অত্যাৱশ্যকীয় সামগ্ৰীৰ ৷ এক অনুষ্ঠানত উপস্থিত থাকি জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গে সংবাদ মাধ্যমৰ আগত মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে – ৩ বছৰে সমগ্ৰ ৰাজ্যত ক’ৰণা মহামাৰীৰ সংক্ৰমণৰ ফলত লকডাউন দিব লগীয়া পৰিস্থিতিত জনসাধাৰণৰ উপাৰ্জনৰ পথ নাইকিয়া হোৱাৰ বাবে অৰ্থনৈতিক দিশত লোকচানত ভুক্তভোগী হব লগীয়া অৱস্থাত মূল্যবৃদ্ধিটো হবই ৷ ৩ বছৰে ক’ৰণা হল মূল্যবৃদ্ধি নহব নেকি বুলি মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰে

আৰু লগতে তাৰ সমাধান সূত্ৰে জনসাধাৰণক জনাই যে সকলোৱেই উৎপাদন কৰিব লাগিব, যি সকলৰ মাটি আছে তেওঁলোকে খেতি কৰক৷ মিঠাতেলৰ দাম কমিব, সৰিয়হ খেতি কৰক৷ মুঠতে উৎপাদন বঢ়াব লাগিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়ে জুবিন গাৰ্গে ৷
উল্লেখ্য যে  বিহুৰ পিছতেই  কেইবাখনো চিনেমা ৰিলিজ পাব বুলিও সেই অনুষ্ঠানতে মন্তব্য প্ৰকাশ কৰিলে জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গে ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *