তিনিদিনীয়া কাৰ্যসূচীৰে সোমবাৰৰ পৰা গুৱাহাটীৰ আইআইটি চৌহদত আয়োজন কৰা হৈছে ইয়ুথ-২০ ৰ বৈঠক। এই বৈঠকৰ সন্মিলনত ছাত্ৰ-ছাত্ৰীসকলক বিশ্বৰ বিভিন্ন দৰ্শকলৈ নিজ নিজ মতামত প্ৰকাশৰ কৰা সুযোগ প্ৰদান কৰা হ’ব।
ইতিমধ্য কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ৱাই-২০ ৰ প্ৰতিনিধিসকলৰ সৈতে ইয়ুথ ডায়ল’গত ভাগ লৈ বিভিন্ন বিষয়বস্তু সন্দৰ্ভত শ্বেতপত্ৰ মুকলি কৰা হৈছে। এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদসকলৰ গৱেষণা পত্ৰও উপস্থাপন কৰিব।
ইয়াৰ উপৰিও আইআইটি গুৱাহাটীত অনুষ্ঠিত হৈছে কাৰিকৰী অধিৱেশন আৰু আলোচনা। জেনেৰেল ভি কে সিং, জি পি সিং, হিমা দাস আদিয়ে ভাগ লব উক্ত আলোচনাত। জি-২০ দেশসমূহৰ ১৫০ ৰো অধিক যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৮ ফেব্ৰুৱাৰীলৈকে হ’বলগীয় এই বৈঠকত। তদুপৰি ৱাই-২০ প্ৰতিনিধিসকলৰ বাবে ব্ৰহ্মপুত্ৰৰ বালিচৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত বিশিষ্ট গায়ক অংগৰাগ পাপন মহন্তই সংগীতানুষ্ঠান পৰিৱেশন কৰিব।