অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হব ৱাই-২০। ভাৰতত প্ৰথমবাৰৰ অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলন অংশ হিচাপে দেশৰ আন প্ৰান্তৰ লগতে অসমতো ৱাই-২০ গোটৰ বৈঠক অনুষ্ঠিত কৰা হব। ৬ ফেব্ৰুৱাৰীৰ পৰা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ( আই আই টি ) গুৱাহাটী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰকে ধৰি আন কেইবাটাও স্থানত তিনি দিনীয়াকৈ ৱাই-২০ গোটৰ বৈঠক অনুষ্ঠিত কৰা হব।এই বৈঠকত বিশ্বৰ ২০খন দেশৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ ২৫০ প্ৰতিনিধিয়ে অংশ লব। ৬ জানুৱাৰীত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে বৈঠক অনুষ্ঠান হব লগীয়া স্থান পৰিদৰ্শন আৰু প্ৰস্তুতিৰ বুজ লবলৈ গুৱাহাটীত উপস্থিত হয়। আনহাতে ৱাই-২০ বৈঠক অনুষ্ঠিত কৰা স্থানসমূহ পৰিদৰ্শন কৰাৰ লগতে বিভাগীয় বিষয়া, চৰকাৰী সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মিলিত হয়।এই বৈঠকত যুৱক-যুৱতীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ ক্ষেত্ৰত আশা প্ৰকাশ কৰাৰ লগতে পৰম্পৰা, সংস্কৃতি আৰু শান্তি প্ৰক্ৰিয়া, সংঘাত ক্ষেত্ৰ আদি বিভিন্ন বিষয়ত পৰ্যালোচনাৰ বাবে গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অসমৰ পৰম্পৰা, সংস্কৃতি প্ৰৰ্দশনৰ বাবে ৱাই-২০ এক বৃহৎ মঞ্চ হিচাপে পৰিগণিত হব, হস্তশিল্প, জৈৱিক, প্ৰৰ্দশনৰ, আত্মসহায়ক গোটৰ কাৰ্যকলাপ, লগতে বিশ্বৰ বজাৰত এক সুযোগ সৃষ্টিৰ লগতে পৰ্যটনৰ ক্ষেত্ৰত সম্ভৱনা কঢ়িয়াই আনিব।