আম আদমী পাৰ্টীত যোগদান লেখক ৰূপম দত্ত

Share

নিজকে ড্ৰাইভাৰ বুলি পৰিচয় দি ভালপোৱা যুৱকজনে দিও বুলিয়েই খোজ দিয়া নাছিল সাহিত্যৰ জগতখনত।
কৰ্ম ব্যস্ততাৰ মাজেৰেই সময় উলিয়াই নিজৰেই অভিজ্ঞতাৰ কথাবোৰ তেওঁ ফেচবুকত লিখিছিল।
আৰু সেয়াই আছিল তেওঁৰ আৰম্ভণি। 
সেয়াই হৈছে- লাইফ অৱ এ ড্ৰাইভাৰ! তেওঁৰ নাম ৰূপম দত্ত।
প্ৰথমে চালক, তাৰ পিছত সাহিত্যিক আৰু এতিয়া ৰাজনীতিত ভৰি দিছে ৰূপম দত্তই।অৱশ্যে তেওঁৰ এই নতুন যাত্ৰাক বহুতেই আঁকোৱালি ল’ব বিচৰা নাই। বহুতেই বিচৰা নাই যে তেওঁ ৰাজনীতিৰ বোকা খেলত চামিল হওক!
এনে বহু প্ৰশ্নৰ উত্তৰ নিজেই দিছে ৰূপম দত্তই। কৈছে- মানুহে সততে ঘৃণা কৰা ৰাজনীতিৰ কণ্টকময় বাটত আম আদমী পাৰ্টীৰ দৰে এটা দলৰ চালকৰ আসনত বহাৰ কথা।
দুদিন পূৰ্বে আনুষ্ঠানিকভাৱে আম আদমী পাৰ্টীত যোগদান কৰিছে ৰূপম দত্তই। তেওঁৰ মতে, সুস্থ মগজুৰে বহু বিচাৰ-বিমৰ্ষৰ পিছতহে তেওঁ এই সিদ্ধান্ত লৈছে।ৰূপম দত্তৰ মতে- ২০১৪ত কেন্দ্ৰত আৰু ২০১৬ত অসমতৰাজনীতিৰ শাসনলৈ অহাৰ মূল কাৰণ আছিল পৰিৱৰ্তনৰ শ্লোগান। পৰিৱৰ্তনৰ আশ্বাস দি বিজেপিয়ে লাভ কৰিছিল ক্ষমতা।
কিন্তু তেওঁৰ মতে পৰিৱৰ্তন হ’ব পাৰে দুই প্ৰকাৰেৰে। সেয়া ভাল পৰিৱৰ্তন বা বেয়া পৰিৱৰ্তন হ’ব পাৰে। কিন্তু বিজেপিৰ পৰিৱৰ্তন ভাল পৰিৱৰ্তন নহয়।
উন্নয়ন আৰু পৰিৱৰ্তনৰ মাজৰ পাৰ্থক্যখিনি উনুকিয়াই দি ৰূপম দত্তই কয় যে ৰাজনীতিয়ে উন্নয়ন বিচাৰে, পৰিৱৰ্তন নহয়।ৰূপম দত্তই কয়, ‘মই যদি শাসকীয় দলত যোগদান কৰিলোঁহেঁতেন, তেন্তে সেয়া মোৰ বাবে ভাল হ’লহেঁতেন। কিন্তু মই মোৰ ভাল হোৱাটো বিচৰা নাই। বিচাৰিছো কেৱল অসমবাসীৰ ভাল হোৱাটো।’

তেওঁ পুনৰ কয়, ‘আমি কিছুবছৰ পিছত মৰি যাম। কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে মৰাৰ পূৰ্বে যাতে কিবা এটা ভাল কৰি থৈ যাব পাৰো, তাৰ বাবে মই আম আদমী পাৰ্টীত যোগদান কৰিছো।
তেওঁ মৰিলেও, জে’ললৈ গ’লেও অসমখনক এটা পৃথক দিশেৰে লৈ যোৱাৰ বাবে বদ্ধপৰিকৰ বুলি মন্তব্য কৰে ৰূপম দত্তই।
ৰাজনীতিৰ বিষয়ে তেওঁৰ মত, ‘মানুহে ৰাজনীতিক বেয়া পোৱাৰ কাৰণ হৈছে বেয়া মানুহক নিৰ্বাচিত কৰি তেওঁলোকৰ পৰা ভাল আশা কৰাটো। আমি ইমানেই ঠগ খাইছো যে ৰাজনীতি আমাৰ দৃষ্টিত লেতেৰা হৈ পৰিছে।’
কিন্তু তেওঁ কেতিয়াও সলনি নহয়, আৰু সদায় অসম আৰু দেশৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি প্ৰতিজ্ঞা কৰে ৰূপম দত্তই।

Leave a Reply

Your email address will not be published. Required fields are marked *