নিউজ ডেস্ক , ১ ছেপ্টেম্বৰ: অসমৰ জয়মালা নামৰ হাতীটোক তামিলনাডুৰ এটা মন্দিৰত মাউতে কৰা অত্যাচাৰৰ ফলত মৃত্যুৰ ক্ষণ গণিছে। ২০০৮ চনতে কাকপথাৰৰ পৰা জয়মালাক ৩ মাহৰ বাবে নিছিল যদিও ১৩ বছৰে বন্দী কৰি নিতৌ অত্যাচাৰ চলাই আছে জয়মালাৰ ওপৰত। প্ৰতিদিনেই নৃশংস অত্যাচাৰৰ বলি হৈ গগণ ফলা অৰ্তনাদৰ জীৱনৰ ক্ষণ খেদা হাতীটোৰ প্ৰতি টিল মানো হৃদয়ত পুতৌ জন্মা নাই অত্যাচাৰী মাউতৰ।
উল্লেখ্য যে, ৰাজ্যৰ বন বিভাগৰ সেউজ সংকেত আৰু উদ্যোগতে জয়মালক ৬ মাহৰ বাবে তামিলনাডুৰ এটা মন্দিৰলৈ লীজত পঠিওৱা সম্ভৱ হৈছিল। লীজত দিয়া এই হাতীজনী ৬ মাহ উকলি যোৱাৰ পাছতো উভতাই অনা ন’হল। ধৰ্মৰ নামৰ এই পুণ্য আঁৰ্জিবলৈ যোৱা মন্দিৰতেই চলিল হাতীজনীৰ ওপৰত নিৰ্মম অত্যাচাৰ।
মন কৰিবলগীয়া যে, জয়মালা নামৰ হাতীজনীক অসমলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে তামিলনাডু চৰকাৰে।