আজি উন্মোচন হ’ব বিশ্বৰ আটাইতকৈ ওখ শিৱৰ মূৰ্তিৰ

Share
নিউজ ডেস্ক,২৯ অক্টোবৰঃশণিবাৰে ৰাজস্থানৰ ৰাজসমন্দ জিলাৰ নাথদ্বাৰ চহৰত উদ্বোধন কৰা হ’ব ৷ বিশ্বৰ আটাইতকৈ ওখ ভগৱান শিৱৰ প্ৰতিমূৰ্তি বুলি গণ্য কৰা ‘বিশ্বাস স্বৰূপম’৷ ভগৱান শিৱৰ ৩৬৯ ফুট ওখ প্ৰতিমূৰ্তিটো মুখ্যমন্ত্ৰী অশোক গেহলট, বিধানসভাৰ অধ্যক্ষ চি পি যোশী আৰু অন্যান্যসকলৰ উপস্থিতিত গুজৰাটৰ আধ্যাত্মিক নেতা আৰু ধৰ্ম প্ৰচাৰক মোৰাৰী বাপুৰ দ্বাৰা ৰাইজৰ বাবে মুকলি কৰা হ’ব।
২০ কিঃমিঃ দূৰৰ পৰা দৃশ্যমান হোৱা এই মন্দিৰটোত উঠা নমা কৰিবলৈও সুলভ ব্যৱস্থাও আছে ৷
উল্লেখ্য যে, প্ৰতিমূৰ্তিটো উদ্বোধন কৰাৰ পিছত ৰাজ্যখনত ২৯ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ ৯ দিনৰ বাবে ধাৰ্মিক, আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ এটা শৃংখলা অনুষ্ঠিত হ’ব বুলি সান্সথান ট্ৰাষ্টী আৰু মিৰাজ গোটৰ অধ্যক্ষ মদন পালিৱালে জনাইছে।
তদুপৰি সংবাদ সংস্থা পিটিআইয়ে পালিৱালৰ উদ্ধৃতিৰে কয়, “শ্ৰীনাথজী চহৰত স্থাপন কৰা ভগৱান শিৱৰ এই আশ্চৰ্যকৰ মূৰ্তিটোৱে ধৰ্মীয় পৰ্যটনক এক নতুন মাত্ৰা প্ৰদান কৰিব।” 

Leave a Reply

Your email address will not be published. Required fields are marked *