ডিজিটেল ডেস্কঃ ভাৰতীয় মূলৰ প্ৰখ্যাত লেখক ,বুকাৰ প্ৰাইজ বিজয়ী বিখ্যাত লেখক চলমান ৰুশ্বডিয়ে শুক্ৰবাৰে আমেৰিকাৰ নিউয়ৰ্কত বক্তৃতা অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল য’ত তেওঁ ভাষণ প্ৰদান কৰাৰ সময়তেই দৰ্শকৰ মাজৰ পৰাই এজন লোকে মঞ্চলৈ উঠি গৈ ৰুশ্বডিক ছুৰীৰে আক্ৰমণ কৰে।আক্ৰমণৰ লগে লগে ৰুশ্বডি মঞ্চত ঢলি পৰে আৰু তেওঁক ততালিকৈ হেলিকপ্টাৰ যোগে ততালিকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক বুলি জানিবলৈ পোৱা গৈছে।
উল্লেখ্য যে “দ্য ছেটানিক ভাৰ্চেছ” নামৰ উপন্যাসত ইছলাম ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰা বুলি ভাবুকিৰ সন্মুখীন হৈছিল প্ৰখ্যাত লেখক চলমান ৰুশ্বডি। যাৰ বাবে শুকুৰবাৰে আমেৰিকাৰ নিউয়ৰ্কত বক্তৃতা অনুষ্ঠানত এজন যুৱকে আক্ৰমণ কৰে ৰুশ্বডিক। ৰুশ্বডিক আক্ৰমণ কৰা ২৪ বছৰীয়া যুৱক হাদি মাটাৰক অনুষ্ঠানতেই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। যুৱকজন নিউজাৰ্চীৰ ফেয়াৰভিউৰ বাসিন্দা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।