পুনৰ ৭ বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ম্যানমাৰৰ জনপ্ৰিয় নেত্ৰী আং-ছ্যান ছ্য়ু-কীক। বিশ্ৱবিশ্ৰুত গণতান্ত্ৰিক নেত্ৰীগৰাকীক বিভিন্ন অপৰাধত বিহা কাৰাদণ্ড এতিয়া ৩৩ বছৰলৈ বৃদ্ধি পালে।উল্লেখ্য়যোগ্য যে, বিগত বৰ্ষৰ পহিলা ফেব্ৰুৱাৰীত সামৰিক শাসকে অভ্য়ুত্থানৰ জৰিয়তে দেশখনৰ শাসন পুনৰ দখল কৰা পিছৰে পৰা দোষী ছ্য়ু-কীক গৃহবন্দী কৰি ৰাখিছিল। বিগত ১৮টা মাহত তেওঁৰ বিৰুদ্ধে ১৯ টা অভিযোগৰ বিচাৰ চলি আছে। মন্ত্ৰী হৈ থকা কালত ছ্য়ু-কীয়ে হেলিকপ্টাৰ ভাড়া লোৱাৰ সময়ত চৰকাৰী নিয়ম উলংঘা কৰাৰ দোষত আদালতে দোষী সাব্য়স্ত কৰে। ইয়াৰোপৰি,পূৰ্বেও ছ্য়ু-কীয়ে ক’ভিডৰ নাতি উলংঘা কৰি ৱাকী-টকীৰ আমদানী কৰিছিল আৰু অন্য়ান্য় ১৪ টা অপৰাধত সামৰিক আদালতে তেওঁক দোষী সাব্য়স্ত কৰে।