লাচিতৰ বন্দনাৰে বিশ্ব অভিলেখ

Share

অসম বাসীৰ বাবে সু খবৰ। গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিলে মহানবীৰ লাচিত বৰফুকনৰ ওপৰত লিখা লেখাই। আজি গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত সেই চাৰ্টিফিকেট প্ৰদান কৰিব। উল্লেখ্য যে,মহান বীৰগৰাকীৰ কৰ্মৰাজি তথা দেশপ্ৰেম ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লৈ যোৱাৰ লক্ষ্যৰে যোৱা বছৰ ৰাজ্য চৰকাৰে ২৩,২৪ আৰু ২৫ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ ৰাজধানী দিল্লীত লাচিত দিৱস উদযাপনৰ ব্যৱস্থা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয়  গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিভিন্ন প্ৰান্তৰ নেতা তথা বুৰঞ্জীবিদ আদিৰ উপস্থিতিত উক্ত অনুষ্ঠান আয়োজন কৰা হৈছিল।

মহান বীৰগৰাকীৰ ৪০০সংখ্যক জন্মজয়ন্তী উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণৰ পৰা বীৰগৰাকীৰ ওপৰত লেখা আহ্বান কৰে। ইয়াৰ বাবে  চৰকাৰে এটা এপো মুকলি কৰি দিয়ে। ৰাজ্যচৰকাৰৰ এই আহ্বান মৰ্মে প্ৰায় ৪২ লাখ লোকে মহান বীৰগৰাকীৰ ওপৰত লেখা লিখি নিৰ্দিষ্ট এপটোক আপলোড কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *