আজি ১৩ ফেব্ৰুৱাৰী অৰ্থা९ বিশ্ব ৰেডিঅ’ দিৱস।অনাতাঁৰ মাধ্যমৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণৰ মনত সজাগতা সৃষ্টিৰ বাবে বিশ্ব ৰেডিঅ’ দিৱস পালন কৰা হয়।১৯৪৬ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘই ৰেডিঅ’ যোগে প্ৰথম সম্প্ৰচাৰ আৰম্ভ কৰিছিল।সামাজিক সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত ৰেডিঅ’ হ’ল এক অন্যতম শক্তিশালী মাধ্যম।উনবিংশ শতিকাৰ মাজভাগত সমগ্ৰ বিশ্বতে ৰেডিঅ’ৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল যদিও ভাৰতবৰ্ষৰ ৰেডিঅ’ৰ আৰম্ভণিৰ কথা যদি ক’বলৈ যোৱা হয় তেন্তে প্ৰথমে ই মসৃণ নাছিল।১৯২১চনৰ ২০ আগষ্টত মুম্বাই,কলকাতা,মাদ্ৰাছ আৰু লাহোৰত ৰেডিঅ’ৰ সম্প্ৰসাৰণ কৰিছিল যদিও থমকি ৰ’ব লগা হ’ল।ব্যক্তিগত ট্ৰান্সমিটাৰৰ দ্বাৰা ১৯২৪চনত মাদ্ৰাছ প্ৰেছীডেন্সী ক্লাবে ৰেডিঅ’ৰ প্ৰসাৰণ আৰম্ভ কৰে যদিও তিনি বছৰতে অন্ত পৰে এই যাত্ৰাৰ।ইয়াৰ পিছত ১৮৩৬চনত “ইম্পীৰিয়েল ৰেডিঅ’ অফ ইণ্ডিয়া”ৰ আৰম্ভ হয়, যিয়ে স্বাধীনতাৰ পিছত অল ইণ্ডিয়া ৰেডিঅ’ নামেৰে পৰিচিত হৈ পৰে।১৯৫৭চনত অল ইণ্ডিয়া ৰেডিঅ’ৰ নাম পৰিৱৰ্তন কৰি আকাশৱাণী কৰা হয়।১৯৫৭চনৰ ২ অক্টোবৰত স্থাপিত বিবিধ ভাৰতীয়ে ১৯৬৭চনত ব্যৱহাৰিক ৰেডিঅ’ সম্প্ৰসাৰণ আৰম্ভ কৰি এক নতুন যুগৰ সূচনা কৰে।স্বাধীনতাৰ সময়ত ভাৰতত কেৱল ৬টা ৰেডিঅ’ ষ্টেচন আছিল।সেই ৬টা ষ্টেচন কেৱল ১১শতাংশ শ্ৰোতাৰ মাজতহে আছিল।কিন্তু বৰ্তমান ভাৰতত ৪৬৭তকৈ অধিক ৰেডিঅ’ ষ্টেচনে ৯৯ শতাংশ শ্ৰোতাৰ মাজত আত্মীয়তাৰ সৃষ্টি কৰিছে। আত্মীয়তাৰ সৃষ্টি কৰিছে।ইউনেস্কৰ সদস্য ৰাষ্ট্ৰসমূহে ২০১১চনত ৩ নবেম্বৰত সংযুক্ত ৰাষ্ট্ৰই শৈক্ষিক,বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠনৰ হকে পেৰিছত আয়োজিত এখন সভাত এই দিৱস পালন কৰাৰ কথা ঘোষণা কৰিছিল আৰু ২০১২চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ইয়াক আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰিছিল।ৰেডিঅ’ই ব্যাপক সংখ্যক শ্ৰোতাক সামৰি লোৱাৰ লগতে সমাজৰ বৈচিত্ৰ্য আৰু প্ৰতিগৰাকী লোকৰ কণ্ঠক তুলি ধৰে।