বিশ্বৰ দ্বিতীয় শীৰ্ষ ‘চি ই অ’ মুকেশ আম্বানি

Share

ব্ৰেণ্ড ফাইনেন্সৰ  ২০২৩ ৰ প্ৰতিবেদন অনুসৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ  অধ্যক্ষ মুকেশ আম্বানি ব্ৰেণ্ড ফাইনেন্সৰ বিশ্বৰ শীৰ্ষ ‘চি ই অ'( মূখ্য কাৰ্যবাহী বিষয়া )তালিকাত দ্বিতীয় স্থান লাভ কৰিছে। ব্ৰেণ্ড মূল্যায়ণৰ পৰামৰ্শদাতা কোম্পানী ব্ৰেণ্ড ফাইনেন্সে বাৰ্ষিকভাৱে ব্ৰেণ্ড গাৰ্ডিয়েনশ্বিপ ইনডেক্স প্ৰকাশ কৰে। এই গাৰ্ডিয়ানশ্বিপ হৈছে মূখ্য ৰূপত বাণিজ্যিক সফলতাৰ সৈতে দীৰ্ঘ সময়ৰ বাবে ব্ৰেণ্ড গঠনৰ ভাৰসাম্য আৰু ব্যক্তিগত প্ৰতিষ্ঠা ব্যৱস্থাপনা।এই তালিকা প্ৰথম স্থানত এনডিভিয়াৰৰ মূখ্য কাৰ্যবাহী বিষয়া জেনচন হুয়াঙৰ নাম প্ৰকাশ পাইছে। মাইক্ৰছফ্টৰ মূখ্য কাৰ্যবাহী বিষয়া সত্য নাদেলা আৰু গুগলৰ ‘চি ই অ’ সুন্দৰ পিচাইক পিচ পেলাই বিশ্বৰ ভিতৰতেই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সত্য নাদেলা ২০২২ চনত প্ৰথম স্থানত থকাৰ বিপৰীতে এই বৰ্ষৰত তৃতীয় স্থানলৈ অৱনমিত হয়। ব্ৰেণ্ড ফাইনেন্সৰ শীৰ্ষ দহটা স্থানত মুকেশ আম্বানিৰ উপৰিও ৫ জন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে। তালিকাৰ চতুৰ্থ স্থানত এব’ডৰ মূখ্য কাৰ্যবাহী বিষয়া শান্তনু নাৰায়ণ আৰু পঞ্চম স্থানত সুন্দৰ পিচাই ষষ্ট স্থানত আছে ডেলইটৰ পুণিত ৰঞ্জন সপ্তম স্থানত আছে এছ টি লাউডাৰৰ ফেব্ৰিডিঅ’ ফেব্ৰা  আৰু অষ্টম স্থানত টাটা ছনছৰ নটৰাজ চন্দ্ৰশেখৰণ। এই তালিকাত মুঠ ১০০ টা স্থান অন্তৰ্ভুক্ত  কৰা হয়। শীৰ্ষ ১০ জনৰ ভিতৰত দুজন ভাৰতীয়ৰ নাম উল্লেখ থকা পৰিলক্ষিত হয়। আনহাতে শীৰ্ষ ১০০ জন মূখ্য়  কাৰ্যবাহী বিষয়াৰ ভিতৰত ৬ জন ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *