চাকৰি নিয়মীয়াকৰণৰ দাবীত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ শ্ৰমিক-কৰ্মচাৰিসকলৰ উত্তাল প্ৰতিবাদ

Share

নিউজ ডেস্ক ,৭এপ্ৰিলঃআজিৰে পৰা ধাৰাবাহিক আন্দোলনত নামি পৰিছে নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ শ্ৰমিক-কৰ্মচাৰিসকল। শ্ৰমিকসকলে এন এইছ পি চিৰ  বিৰুদ্ধে সাব্যস্ত কৰে এই তীব্ৰ প্ৰতিবাদ। প্ৰতিস্থানটোৱে বহুদিন ধৰি শ্ৰমিক-কৰ্মচাৰিসকলক প্ৰবঞ্চনা কৰি অহাৰ বাবেই প্ৰতিবাদত নামি পৰে শ্ৰমিক-কৰ্মচাৰিসকল। উল্লেখ্য যে দীৰ্ঘদিন ধৰি প্ৰকল্প নিৰ্মাণৰ কামত নিয়োজিত হৈ অহা প্ৰায় তিনি শতাধিক শ্ৰমিকৰ চাকৰি নিয়মীয়াকৰণ কৰা হব বুলি মিছা প্ৰতিশ্ৰুতি দি আহিছিল এন এইছ পি চি নামৰ প্ৰতিষ্ঠানটোয়ে। যাৰ বিপৰীতে অৰুণাচলৰ শ্ৰমিক-কৰ্মচাৰিসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি আহিছে এন এইছ পি চি নামৰ সংস্থাটোৱে।সেয়েহে শ্ৰমিক ৱাকাৰ ইউনিয়নৰ নেতৃত্বত আজিৰে পৰা আৰম্ভ  কৰে এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ মুখ্যদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক-কৰ্মচাৰিসকলে।২৫ এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালীনভাৱে প্ৰকল্পৰ কাম বন্ধৰ হুংকাৰ দিছে নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ শ্ৰমিক-কৰ্মচাৰিসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *