বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কাজিৰঙাৰ অৰ্কিড উদ্যানক 

Share
গুৱাহাটী,২১ ছেপ্টেম্বৰ:পৰ্যটকৰ বাবে মুকলি হ’ব নতুন ৰূপত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানস্থিত অৰ্কিড উদ্যান । বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলিছে অৰ্কিড উদ্যান কৰ্তৃপক্ষৰ ।অক্টোবৰত মুকলি হ’ব লগীয়া কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম আকৰ্ষণ এই অৰ্কিড উদ্যান । 
পৰ্যটকৰ বাবে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌহদতে সংযোজিত কৰিছে বহুকেইটা মিউজিয়াম আৰু ৮০ বিধ‌ সংৰক্ষিত বাঁহ গছৰ বাগিছা । 
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত জীপাল হৈ উঠা এই অৰ্কিড উদ্যানে বিগত বৰ্ষত ২৪ লাখ টকা লাভ কৰিছিল । আগন্তুক সময়ত পৰ্যটক সকলে উদ্যান খনৰ জৈৱ- বৈচিত্ৰৰ ন- সম্ভাৰেৰে নান্দনিক ৰূপ লাভ কৰিব । ইয়াৰোপৰি পৰ্যটকে ইয়াত থলুৱা খাদ্যৰ সোৱাদো লব পাৰিব । 

Leave a Reply

Your email address will not be published. Required fields are marked *