বাংলাদেশৰ সলনি ডুবাইত অনুষ্ঠিত কৰা হ’ব মহিলা টি-২০ বিশ্বকাপ

Share

মহিলা টি-২০ বিশ্বকাপৰ স্হানৰ সালসলনি।বাংলাদেশৰ পৰিৱৰ্তে ডুবাইত অনুষ্ঠিত কৰা হ’ব মহিলা  টি-২০ বিশ্বকাপ।অস্হিৰ বাংলাদেশত অনুষ্ঠিত নহয় আই চি চি মহিলা টি-২০ বিশ্বকাপৰ।উল্লেখনীয় যে এইবাৰৰ আই চি চি মহিলা টি-২০ বিশ্বকাপৰ আয়োজক আছিল বাংলাদেশ।কিন্ত আই চি চিয়ে মহিলা টি-২০ বিশ্বকাপৰ সুৰক্ষাক লৈ চিন্তিত হৈছে আৰু এইবেলি সকলো টুৰ্ণামেন্ট ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। অহা অক্টোবৰৰ ৩ তাৰিখৰ পৰা বাংলাদেশত অনুষ্ঠিত হোৱাৰ কথা আছিল মহিলা টি-২০ বিশ্বকাপ প্ৰতিযোগিতা।মুঠ ১০টা দলে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাখনৰ খেলসমূহ ছিলেট আৰু ঢাকাস্হিত আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ সূচী তৈয়াৰ কৰা হৈছিল।আগন্তুক ২০ অক্টোবৰলৈ চলিবলগীয়া মহিলা টি-২০ বিশ্বকাপত ভাগ ল’বলৈ দলসমূহ ছেপ্তেম্বৰৰ শেষ সপ্তাহৰ পৰা বাংলাদেশত উপস্হিত হোৱাৰ কথা আছিল যদিও বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিৱেশে প্ৰতিযোগিতাখনলৈ অনিশ্চয়তা নমাই আনিছে।

সাম্প্ৰতিক সময়ত বৰ্তমানেও বাংলাদেশৰ পৰিস্হিতি অশান্তিকৰ হৈ থকা বাবে আই চি চিয়ে মহিলা টি-২০ বিশ্বকাপ ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম আৰু শাৰ্জাহত অনুষ্ঠিত কৰা হ’ব মহিলা টি-২০ বিশ্বকাপ প্ৰতিযোগিতাৰ খেলসমূহ।

Leave a Reply

Your email address will not be published. Required fields are marked *