গৃহ জিলাতে নিযুক্তি পাব তৃতীয়-চতুৰ্থ বৰ্গৰ মহিলা-প্ৰতিবন্দী প্ৰাৰ্থীয়ে

Share

ৰাজ্যিক নিয়োগ পৰিষদৰ অধীনত তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে বাছনি হোৱা চৰকাৰী বিভিন্ন বিভাগৰ প্ৰাৰ্থীসকলে নিজৰ গৃহ জিলাতেই নিযুক্তি পাব। ৰাজ্যৰ কৰ্মচাৰী বিভাগৰ এক মেমৰেণ্ডাম অনুসৰি বাছনি হোৱা সকলো মহিলা আৰু শাৰীৰিক প্ৰতিবন্দী প্ৰাৰ্থীসকলে নিজৰ গৃহ জিলাতে নিযুক্তি পাব পাৰিব। একেদৰে বৰাক উপত্যকাত নিযুক্তি পোৱা প্ৰাৰ্থীয়ে বৰাক উপত্যকাৰ জিলাসমুহত নিযুক্তিত অগ্ৰাধিকাৰ পাব। লগতে অন্যান্য প্ৰাৰ্থীসকলেও পদ অনুসৰি নিজৰ গৃহ জিলা বা চুবুৰীয়া জিলাত নিযুক্তি পাব।

উল্লেখ্য যে, বাছনিকৃত প্ৰাৰ্থীসকলৰ নিযুক্তিৰ বিষয়ে চৰকাৰী বিভাগসমুহৰ আলোচনা ভিত্তিত কৰ্মচাৰী বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই এক গাইডলাইন জাৰি কৰিছে। এই প্ৰক্ৰিয়াটোত যদি কিবা অসুবিধা হয় তেন্তে সংশ্লিষ্ট বিভাগসমুহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *