বংগোপ সাগৰত গভীৰ নিম্ন চাপৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঘূৰ্ণি বতাহ ডানাই লৈছে ভয়ংকৰ ৰূপ।ক্ৰমান্বয়ে কালৰূপ ধাৰণ কৰা ডানাই সাগৰৰ ওপৰেৰে তীব্ৰবেগেৰে স্হলভাগৰ কাষ চাপিছে.।ইতিমধ্যেই ডানাই পশ্চিমবংগকে ধৰি উৰিষ্য়াৰ বিভিন্ন অঞ্চলত ধ্বংশলীলাৰ সৃষ্টি কৰিছে।সামুদ্ৰিক ধুমুহাৰ ‘ডানা’ৰ সংহাৰি ৰূপৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই দেশৰ আন ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ পশ্চিমবংগ, ওড়িশাকে ধৰি দক্ষিণ ভাৰতৰ পৰা অহা-যোৱা কৰা কেবাখনো ৰে’লৰ চলাচল বাতিল কৰাৰ লগতে বহুকেইখন ৰে’লৰ নিয়ন্ত্ৰণ আৰু গতিপথৰ সলনি কৰিছে।উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই সদৰী কৰা অনুসৰি, সামুদ্ৰিক ধুমুহা ডানাৰ বাবে যাত্ৰীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ২৩ অক্টোবৰত অসমৰ পৰা চাৰিখন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে।২৩ অক্টোবৰ আৰু ২৪ অক্টোবৰত অসমৰ পৰা বহিঃৰাজ্যলৈ চলাচল কৰা চাৰিখন ৰে’লৰ সেৱা বাতিল কৰিছে ভাৰতীয় ৰে’লৱেই ৷
বাতিল কৰা ৰে’লকেইখন ক্ৰমে-
- ১২৫৫২ কামাখ্যা-এছ এম ভি টি বেংগালুৰু এ চি ছুপাৰফাষ্ট এক্সপ্ৰেছ
- ১২৫১৪ শিলচৰ-ছেকেন্দ্ৰাবাদ ছুপাৰফাষ্ট এক্সপ্ৰেছ
- ২২৫০৪/২২৫০৩ ডিব্ৰুগড়-কন্যাকুমাৰী-ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ
- ১২৫০৯ এছ এম ভি টি বেংগালুৰু-গুৱাহাটী ছুপাৰফাষ্ট এক্সপ্ৰেছ
উল্লেখযোগ্য যে ইতিমধ্য়ে বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ ১৪ খনকৈ জিলাত Yellow Alert জাৰি কৰিছে।ইয়াৰ উপৰিও ওড়িশা আৰু পশ্চিমবংগত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৷