IPL ৰ মাজতে বিৰাট কোহলিয়ে হেৰুৱাব নেকি RCB ৰ কেপ্টেইনচি

Share

বনিতা বড়ো,২২ ছেপ্তেম্বৰঃ IPL প্ৰেমীৰ বাবে দু: খবৰ। IPL চলি থকাৰ মাজতে বিৰাট কোহলিয়ে হেৰুৱাব পাৰে অধিনায়কৰ পদ।নাম প্ৰকাশক অনিচ্ছুক এজন ক্ৰিকেটাৰে এই আশংকা প্ৰকাশ কৰিছে।সোমবাৰে আবুধাবিত কলকাতা নাইড ৰাইডাৰ্ছৰ বিৰুদ্ধে আৰ চিবিৰ,বিশেষকৈ বিৰাট কোহলিৰ শোচনিয় আত্মসমৰ্পনৰ পিছতেই এই কথা স্পষ্ট হোৱা দেখা গৈছে।

বিৰাট কোহলিয়ে নেতৃত্ব দিয়া RCB য়ে KKR ৰ বিৰুদ্ধে প্ৰথমখন খেলতে ৯২ ৰাণত অল আউট হব লগা হৈছিল।য’ত RCB য়ে ইয়ন মৰ্গান নেতৃত্বধীন KKRৰ হাতত ৯ উইকেটত পৰাজিত হব লগা হৈছিল।এইটোৱে IPL ত RCB ৰ ষষ্ঠ সৰ্বনিম্ন মুঠ ৰাণ।কোহলিয়ে ৪ টা বলত ৫ ৰাণ অৰ্থাৎ খেলখনৰ মাত্ৰ দ্বিতীয় অভাৰতে পেচাৰ প্ৰসিদ্ধ কৃষ্ণাৰ চিকাৰ হব লগা হয়। তেওঁ এটা ৰিভিউ লৈছিল যদিও উইকেটৰ পৰা ৰক্ষা নপৰিল।

 বিৰাট কোহলিৰ এই দুখঃজনক আশংকাৰ পিছতে RCB দলটোৰ উদ্যম নাইকিয়া হোৱা পৰিলক্ষিত হয়।গৌতম গম্ভীৰকে ধৰি বহু ক্ৰিকেটাৰে এই ঘোষণাৰ সমালোচনা কৰিছে। পৰৱৰ্তী সময়ৰ খেলত যদি বিৰাট কোহলিৰ পদৰ্শন বেয়া হয় তেন্তে তেওঁ দলটোৰ অধিনায়ক পদ হেৰুৱাটো নিশ্চিত বুলি প্ৰকাশ কৰিছে।

এই আশংকাই IPL প্ৰেমীৰ বাবে দুঃখবৰ কঢ়িয়াই আনিছে।তাৰোপৰি প্ৰশ্ন হয় যে বিৰাট কোহলিৰ পিছত কোন হ’ব RCB ৰ নতুন অধিনায়ক।কাৰণ, তেওঁৰ পিছতে আছে য়ুজবেন্দ্ৰ চহল আৰু দেবদত্ত পৰিক্কলৰ নাম।

Leave a Reply

Your email address will not be published. Required fields are marked *