সমগ্ৰ ভাৰত বিজেপি মুক্ত হ’লে বিনামূলীয়া বিদ্যুৎ সেৱা আগবঢ়াবঃকে চন্দ্ৰশেখৰ ৰাও

Share
নিউজ ডেস্কঃ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ নতুন ঘোষণা। যদিহে ২০২৪ চনত সমগ্ৰ ভাৰত বিজেপি মুক্ত হয়, তেন্তে তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে সমগ্ৰ দেশৰ কৃষকলৈ আগবঢ়াব বিনামূলীয়া বিদ্যুৎ সেৱা। লগতে ‘বিজেপি মুক্ত’ শ্লোগানেৰে উৎসাহিত হৈ তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে অতি সোনকালেই ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰিব। লগতে তেলেংগানাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, সমগ্ৰ দেশৰ উন্নয়নৰ বাবে তেলেংগানাৰ আৰ্হিৰ প্ৰয়োজন। সোমবাৰে ৰাষ্ট্ৰ সমিতিৰ জিলা কাৰ্যালয় আৰু জিলা-উপায়ুক্তৰ কাৰ্যালয় মুকলি কৰি সদৰী কৰে এই কথা।
উল্লেখ্য যে, বিজেপি চৰকাৰে অকাৰ্যক্ষম সম্পত্তিৰ আঁৰত ১২ লাখ কোটি টকাৰ ৰেহাই পাইছিল। তেনেস্থলত  কিয় ১.৪৫ কোটি টকাৰ কৃষকৰ বিজুলী বকেয়া মাফ কৰিব নোৱাৰে বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *