মহাৰাষ্ট্ৰৰ শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পি চামিল হ’ব নেকি কংগ্ৰেছত

Share

দেশৰ ৰাজনীতিত নতুন পট পৰিৱৰ্তনৰ ইংগিত দিলে শাৰদ পাৱাৰে।প্ৰতিভাবান ৰাজনীতিবিদ শাৰদ পাৱাৰে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষা९কাৰত মন্তব্য কৰিছে যে লোকসভা নিৰ্বাচনৰ পাছতেই সৰু সৰু আঞ্চলিক ৰাজনৈতিক দলবোৰৰ কংগ্ৰেছৰ সৈতে ঘনিষ্ঠতা বাঢ়িছে।ইয়াৰ কোনো কোনো ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক দল চামিল হ’ব কংগ্ৰেছত!তেওঁ পুণৰ কয় যে আমাৰ দল কংগ্ৰেছত কৈ বৰ বেছি পৃথক নহয়।আমিও গান্ধীৰ,নেহৰুৰ আদৰ্শক বিশ্বাস কৰোঁ।মাৰাঠা ষ্ট্ৰং মেন হিচাপে পৰিচিত মহাৰাষ্ট্ৰৰ নেতা শাৰদ পাৱাৰৰ এই বিস্ফোৰক মন্তব্যৰ পিছতেই এতিয়া প্ৰশ্ন হৈ উঠিছে শাৰদ পাৱাৰৰ নেতৃত্বাধীন এন চি পি ও চামিল হ’ব নেকি কংগ্ৰেছত?অজিত পাৱাৰৰ নেতৃত্বত এন চি পিৰ এটা দল ওলাই গৈ বিজেপিৰ সৈতে মিত্ৰতাৰে মহাৰাষ্ট্ৰৰ চৰকাৰত চামিল হোৱাৰ পিছতে শিৱসেনাৰ দৰেই এন চি পি দুভাগত বিভক্ত হৈছে।সেয়ে এনে পৰিস্থিতিত মহাৰাষ্ট্ৰৰ ৰাজনীতিও এতিয়া বহু পৰিৱৰ্তন হৈছে।ভাৰতৰ ৰাজনীতি পূৰ্বৰ দৰে হৈ থকা নাই ,সকলো সময়ত বিৰোধী ৰাজনৈতিক দল আৰু নেতা এক সংশয়ৰ মাজেৰে পাৰ কৰিব লগীয়া হৈছে বুলি চৰ্চা অব্যাহত আছে।এনে পৰিপ্ৰেক্ষিতত শাৰদ পাৱাৰৰ দৰে অভিজ্ঞ আৰু জ্যেষ্ঠ ৰাজনৈতিক নেতাই এনে ধৰণৰ মন্তব্য বহুত গুৰুত্বপূৰ্ণ।

Leave a Reply

Your email address will not be published. Required fields are marked *