আকৌ ৰঙাঘৰৰ আলহী হ’ব নেকি লালু

Share

 

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : বহুদিন ধৰি বিতৰ্কিত হৈ থকা পশুখাদ্য কেলেংকাৰী গোচৰৰ শুনানি প্ৰদান কৰিব চি বি আইৰ বিশেষ আদালতে। ইতিপূৰ্বে দেশৰ ৰাজনৈতিক খেলপথাৰত দপ্ দপাই থকা ৰাষ্ট্ৰীয় জনতা দলৰ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদে কোটিটকীয়া পশুখাদ্য কেলেংকাৰীৰ চাৰিটা গোচৰত অভিযুক্ত হৈ কাৰাগাৰৰ ভাত খাব লগীয়া হৈছে। জামিনৰ সহায়ত তেওঁ জেলৰ পৰা মুক্তি পাইছে।
     জানিব পৰা মতে, বহুচৰ্চিত পশুখাদ্য কেলেংকাৰীৰ গোচৰত অতিৰিক্ত ৯৯ জন অভিযুক্ত জড়িত আছে। এই কেলেংকাৰীৰ চাৰিটা গোচৰৰ ৰায় প্ৰদান কৰা হৈছে যদিও শেষৰ গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি মঙলবাৰে ঘোষণা কৰিব। তথ্য অনুসৰি লালু প্ৰসাদৰ লগত জড়িত আন ৯৯ জন অভিযুক্তৰ বিৰুদ্ধে দোৰাণ্ডা কোষাগাৰৰ পৰা অবৈধভাবে ১৩৯.৩৫ কোটি টকা মুকলি কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে। চি বি আইয়ে এই গোচৰৰ প্ৰক্ৰিয়াটোত মুঠ ৫টা গোচৰ ৰুজু কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *