কিয় মুখ বন্ধ কৰা হ’ল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ

Share

সদ্যহতে  লখিমপুৰলৈ বদলি হোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ  নকল সোণ আৰু নকল নোটৰ আদি কেংলেকাৰীৰ ওপৰত চলোৱা অভিযানৰ সফলতাত সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে আৰক্ষী অধীক্ষকজনে। তেখেতৰ কঠোৰ সকীয়নিৰ পাছতে নকল সোণ আৰু নকল টকাৰ সৈতে জড়িত ব্যক্তিসকলে আত্মসমৰ্পন কৰা আৰম্ভ কৰিছে।  কিন্তু তেনে সময়তে আৰক্ষী অধীক্ষকগৰাকীক সংবাদ মাধ্যমৰ আগত মুখ খুলিবলৈ বাধা প্ৰদান কৰিছে জিলাৰ আৰক্ষী বিভাগে। এতিয়াৰে পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ কৰিব নোৱাৰে।ইতিমধ্যে আৰক্ষী অধীক্ষকগৰাকীলৈ জিলাৰ আৰক্ষী বিভাগৰ পৰা প্ৰেৰণ কৰা হৈছে এই জাননী। ২৮ মে’ তাৰিখে আৰক্ষী মহাপৰিদৰ্শকে  আনন্দ মিশ্ৰৰ পৰিৱৰ্তে আন কাৰোবাক সংবাদ মাধ্যমৰ আগত মন্তব্য় ৰখাৰ মুখপত্ৰ হিচাপে দায়িত্ব দিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে,  আৰক্ষী সঞ্চালক প্ৰধান জি পি  সিঙে আৰক্ষী অধীক্ষকসকলক সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকিব দিছিল। কিন্তু ২১ মে’ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই লখিমপুৰত আৰক্ষী অধীক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে সংবাদ মাধ্যমত বিভিন্ন মন্তব্য প্ৰদান কৰিছিল।  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো আৰক্ষী অধীক্ষকগৰাকীক সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়নি দিছিল । 

Leave a Reply

Your email address will not be published. Required fields are marked *