গেংষ্টাৰ আতিক আৰু আশ্ৰফক কিয় গুলীয়াই হত্য়া কৰিছিল তিনি হত্য়াকাৰীয়ে

Share

হাস্পাতালত শাৰীৰিক পৰীক্ষাৰ বাবে নিয়া অৱস্থাত কেমেৰা চলিথকা সময়ত আৰক্ষীৰ সন্মুখত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে উত্তৰপ্ৰদেশৰ গেংষ্টাৰ আতিক আহমেদৰ লগতে ভাতৃ আশ্ৰফ আহমেদক । ১৫ তাৰিখে নিশা ১০ বজাৰ পাছত শাৰীৰিক পৰীক্ষাৰ বাবে আৰক্ষীয়ে লৈ গৈছিল গেংষ্টাৰ ভাতৃদ্ধয়ক, আৰক্ষীয়ে গাড়ীৰ পৰা নমাই দুয়োকে হাস্পাতালৰ ভিতৰত নিওতে সাংবাদিকৰ ৰূপত অহা হত্যাকাৰীয়ে শূন্য দূৰত্বৰ পৰা দুয়োৰে মূৰত গুলীয়াই থকাসৰকা কৰি তিনি  হত্যাকাৰীয়ে দিছিল জয় শ্ৰীৰাম ধ্বনী। হত্যাকৰি পলাবলৈ চেষ্টা কৰা নাছিল তিনি হত্যাকাৰী। দেওবাৰে আৰক্ষীৰ জেৰাৰ সময়ত গুলীচালনা কৰা হত্যাকাৰীয়ে আৰক্ষীক জনোৱা মতে, তেওঁলোকে গেংটোক নিৰ্মূল কৰি নিজৰ নাম উজ্বলাব বিচাৰে বুলি  এজাহাৰত প্ৰকাশ পাইছে।তেওঁলোকে আৰক্ষীক কয় যে, আতিক আৰু আশ্ৰফৰ গেংটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ আৰু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ এইদৰে দুয়োকে হত্যা কৰা হৈছিল।

আৰক্ষীয়ে আতিক আৰু আশ্ৰফক নিজৰ জিম্মাত লোৱাৰ খবৰ পোৱাৰ পিছতে হত্যাকাৰীয়ে সাংবাদিকৰ ৰূপত আতিক আৰু তেওঁৰ ভাতৃক কিদৰে হত্যা কৰিব সেই পৰিকল্পনা কৰিছিল বুলিও উল্লেখ কৰিছে  লভলেশ তিৱাৰী, মোহিত ওৰফে ছানী আৰু অৰুণ মৌৰ্যই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *