বিজেপি নেতাসকলৰ ঘৰত কিয় তালাচী কৰা নহয়, তেওঁলোক কি গাখীৰেৰে ধোৱা নেকি?” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এই প্ৰশ্ন তেজস্বী যাদৱৰ

Share
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে কেৰালাত এটা বিবৃত্তি দিছিল যে কিছুমান দলে দুৰ্নীতিগ্ৰস্থসকলক সুৰক্ষা দি আছে।এই সন্দৰ্ভত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সুধিছিল যে কেন্দ্ৰীয় সংস্থাসমূহে কেতিয়াও বিজেপি নেতাসকলৰ ঘৰত অভিযান নকৰে কিয়?তেওঁলোক কি গাখীৰেৰে ধোৱা নেকি? তেজস্বী যাদৱে এইটো সুধিছিল যে বিজেপিৰ এহেজাৰৰো অধিক বিধায়ক আছে আৰু ২০০ ৰো অধিক সাংসদ আছে।
কেতিয়াবা কাৰোবাৰ ঘৰত তালাচী চলোৱা হৈছেনে?বিজেপিৰ লোকসকল কি গাখীৰেৰে ধোৱা নেকি?যদি তেওঁলোকক তালাচী কৰা নহয়, তেনেতে তেওঁলোকক কোনে ৰক্ষা কৰি আছে।যিয়ে কৈছে, তেওঁলোকেই ৰক্ষা কৰি আছে।বিজেপিৰ লোকসকলক কিয় অভিয়ান কৰা নহয় এই সন্দৰ্ভত তেজস্বী যাদৱে কয় যে তেওঁলোকক সোধক, কোনে ৰক্ষা কৰি আছে এই প্ৰশ্নটি মোৰ বাবে মূল্যৱান নহয়।আনহাতে, এই প্ৰশ্ন সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকো কিছু সাংবাদিকে প্ৰশ্ন কৰাত নীতিশ কুমাৰে কয় যে অটল বিহাৰী বাজপেয়ী দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকোতে কেনেদৰে কাম কৰা হৈছিল তেওঁ নাজানে,তেওঁ কেনেকৈ সকলোৰে যত্ন লৈছিল।দুৰ্নীতিগ্ৰস্থসকলক ৰক্ষা কৰা প্ৰশ্নত নীতিশ কুমাৰে কয় যে বিহাৰত দুৰ্নীতিগ্ৰস্থসকলক আমি কেতিয়াও সহ্য কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *