কিয় অসমত সঘনাই বৃদ্ধি পাইছে বিদ্যুতৰ মাছুল ?

Share

এফালে যদি তীব্ৰ গৰমৰ প্ৰকোপত দহিছে ৰাজ্যবাসী  আনফালে বিদ্যুতৰ লুকাভাকুৱে, মূল্যবৃদ্ধিয়ে ৰাজ্যজুৰি জনসাধাৰণক কৰি তুলিছে জুৰুলা । আকৌ ইফালে  বিদ্যুতৰ মাছুল বৃদ্ধিকলৈ একাংশ ৰাজনীতিবিদৰ টুলুঙা মন্তব্যত  অতিষ্ঠ সৰ্বসাধাৰণ।কিন্তু সঘনাই ৰাজ্যত বিদ্যুতৰ মাছুল বৃদ্ধি পোৱাৰ কাৰণ কি, কিয় চৰকাৰে ৰাজ্যৰ পৰা ক্ৰয় কৰিব লগা হৈছে বৃহৎ পৰিমাণৰ বিদ্যুৎ।  অসমৰ নিজা  বিদ্যুৎ উৎপাদনৰ চাহিদা কম হোৱাৰ বাবে আন ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈ পৰিছে এতিয়া অসম। পিক আৱাৰত ২০০০- ২১০০ মেগাৱাট পৰ্যন্ত বাহিৰৰ  পৰা  চৰ দামত কিনিবলগীয়া হৈছে ৰাজ্য চৰকাৰে। শেহতীয়াকৈ গৰমৰ মাত্ৰা অধিক হোৱাৰ বাবে  চুবুৰীয়া ৰাজ্যৰ পৰা অতিৰিক্ত মাত্ৰাত ক্ৰয় কৰিবলগা হৈছে বিদ্যুৎ। 

উল্লেখ্য যে, শক্তি বিভাগৰ তথ্য অনুসৰি গৰমৰ বাবে ৰাজ্যত অতিৰিক্ত  ৪০০ পৰা ৫০০ মেগাৱাট পৰ্যন্ত বৃদ্ধি পাইছে। কিন্তু প্ৰচণ্ড গৰমৰ বাবে  অসম চৰকাৰে ১৪০০-১৫০০ মেগাৱাটৰ পৰা সলনি ২১০০ মেগাৱাট পৰ্যন্ত  বিদ্যুৎ ক্ৰয় কৰিছে আন ৰাজ্যৰ পৰা। লক্ষণীয় যে,  অসমত পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ উপলব্ধ থকাৰ পৰিৱৰ্তেও উচ্চ দৰত বিদ্যুৎ ক্ৰয় কৰিবলৈ চৰকাৰৰ হাতত নাই মুলধন সেয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিদ্যুৎ কৰ্তন কৰিবলৈ বাধ্য হৈছে শক্তি বিভাগ।শক্তি বিভাগৰ তথ্য অনুসৰি  ৰাজ্যত দৈনিক গড়ে  ২৭০ মেগাৱাটহে উৎপাদন হৈ আছে । যিহেতু ৰাজ্যত বৰষুণৰ মাত্ৰা হ্ৰাস পাইছে সেই অনুসৰি  পৰ্যাপ্ত বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই । বাহিৰৰ পৰা বিদ্যুতৰ ক্ৰয় কৰাত অধিক ইউনিটৰ টকা ভৰিব লাগে চৰকাৰে যাৰ ফলত জনসাধাৰণে উচ্চ নিৰিখত ভৰিব লগা হৈছে বিদ্যুতৰ মাছুল । 

কিন্তু কিমান দিনলৈ চৰকাৰৰ এই ভেকো ভাওনাই জুৰুলা কৰিব জনসাধাৰণক।চৰকাৰৰ  এনে কাণ্ডত অনাগত দিনত শক্তি বিভাগৰ ভৱিষৎ কেনেকুৱা কৰিব সেয়া সময়ত হ’ব লক্ষণীয়।   

Leave a Reply

Your email address will not be published. Required fields are marked *