কাৰ ভাগ্য উদয় হ’ব মুখ্যমন্ত্রী পদত

Share
গুৱাহাটী,৭ ডিচেম্বৰ: যোৱা ৩ ডিচেম্বৰত প্ৰকাশ পাইছিল ৩খন ৰাজ্যৰ বিধানসভা নির্বাচনৰ ফলাফল। ফলাফল অনুসৰি ৰাজস্থান, ছত্তিশগড়, মধ্যপ্ৰদেশত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল। পূৰ্বে ৰাজস্থান আৰু ছত্তিশগড়ত আছিল কংগ্রেছ চৰকাৰ আৰু মধ্যপ্ৰদেশত পূৰ্বেও আছিল বিজেপি চৰকাৰ। আজি বিজেপিৰ সংসদীয় কমিটিৰ উচ্চস্তৰীয় বৈঠকত নতুন মুখ্যমন্ত্রী নিৰ্বাচন কৰা হ’ব। 
উল্লেখ্য যে ২৩০ খন আসনৰ ১৬৩ খন আসন লাভ কৰি বিজেপিয়ে পুনৰ বাৰ মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰিব। এইবাৰ মধ্যপ্ৰদেশত মুখ্যমন্ত্রীৰ প্ৰাৰ্থী হিচাপে জ্যোতিৰাদিত্য সন্ধিয়া, নৰেন্দ্ৰ সিং, টোমাৰ,প্ৰহ্লাদ সিং পাটেলৰ নাম চৰ্চাত আহিছে। কিন্তু পূৰ্বৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে এইবাৰৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী নহয় বুলি উল্লেখ কৰিছে লগতে বিজেপিয়ে ও উল্লেখ কৰা নাই যে পুনৰ বাৰ শিৱৰাজ সিং চৌহানেই দ্বায়িত্ব গ্ৰহণ কৰিব বুলি। 
সেইদৰে ৰাজস্থানত ১৯৯ খন আসনৰ ভিতৰত ১১৫ খন আসন লাভ কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পাছতে ৰাজ্যখনৰ মুখ্যমন্ত্রী প্ৰাৰ্থী বসুন্ধৰা কাজে, দিয়া কুমাৰীৰ লগতে ৰাজ্য বৰ্ধন সিং ৰাঠোড়ৰ নাম চৰ্চাত আছে। 
ইয়াৰ লগতে ৯০ খন আসনৰ ভিতৰত ৫৪ খন আসন দখলেৰে ছত্তিশগড়ত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰাৰ পাছতে মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী ৰামন সিং, অৰুণ চাও, অ’পি চৌধুৰী আৰু গোমটি ছাইৰ নাম চৰ্চাত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *