গুৱাহাটী,৮ এপ্রিলঃ ‘পুষ্পা’ কেৱল ‘পুষ্পা’ । সকলোৰে মুখে মুখে চৰ্চা এই বিশেষ শব্দটি । কেতিয়াবা যদি শুনিবলৈ পাওঁ পুষ্পা , তেন্তে আন কেতিয়াবা “পুষ্পাৰাজ” । মুঠতে ‘পুষ্পা’ জ্বৰত আক্রান্ত দেশবাসী। পুষ্পা , এটি শব্দ নহয়, পুষ্পা হৈছে এখন জনপ্রিয় ছৱিৰ এটা জনপ্রিয় চৰিত্র ।যাক মানুহে অতি কম সময়তে আকোঁৱালি লৈছে ।
শেহতীয়াকৈ মুক্তি লাভ কৰা ‘পুষ্পা – দ্য ৰাইচ ‘ নামৰ দক্ষিণ ভাৰতীয় চলচ্চিত্রখনে ব্যাপক সমাদৰ লাভ কৰিছে ।য’ত ‘পুষ্পা’ ৰ মুখ্য চৰিত্রত অভিনয় কৰিছিল জনপ্রিয় অভিনেতা আল্লু অৰ্জুন ।কেৱল দেশতে নহয় বিদেশতো ব্যাপক চৰ্চা লাভ কৰিছে ছৱিখনে ।ইতিমধ্যে , উপাৰ্জনৰ ফালৰ পৰাও পূৰ্বৰ পৰা বহু অভিলেখ ভংগ কৰিছে ছৱিখনে । আল্লু অৰ্জুন অভিনীত এই ছৱিখন সামাজিক মাধ্যমত এক বিশেষ স্থান লাভ কৰিছে ।তদুপৰি ছৱিখনৰ এটি গীতৰ বিশেষ নৃত্যশৈলী বহুসময়ত বহুতে অনুসৰণ কৰা দেখিবলৈ পোৱা গৈছে ।
সৰুৰ পৰা ডাঙৰলৈকে ছৱিখনৰ বহু সংলাপ মুখে মুখে আওৰাই থকায়ো শুনিবলৈ পোৱা গৈছে । ছৱিখনৰ জনপ্রিয় সংলাপ দুটা হৈছে —’পুষ্পা,পুষ্পাৰাজ আৰু ‘মাই ঝুকেগা নাহি’ । মুঠতে যথেষ্ট জনপ্রিয়তা অৰ্জন কৰিছে এই ছৱিখনে । পিছে জনপ্রিয়তা ইমানেই বাঢ়িছে যে এইবাৰ পৰীক্ষাৰ বহীত উত্তৰৰ সলনি শিক্ষাৰ্থীয়ে লিখিলে ‘পুষ্পা’ ছৱিখনৰ সংলাপ ।পশ্চিমবংগৰ এখন মাধ্যমিক পৰীক্ষাৰ উত্তৰ বহীত লিখিলে ছৱিখনৰ সংলাপ ।উল্লেখযোগ্য যে , শেহতীয়াকৈ ৰাজ্যখনত মাধ্যমিক পৰীক্ষা সমাপ্ত হোৱাৰ পাছতে উত্তৰ বহীৰ মূ্ল্যাংকন চলি থকাৰ সময়তে এই কথা পোহৰলৈ আহে ।ছাত্রজনে গোটেই উত্তৰ বহীতে প্রশ্নোত্তৰ সলনি ডাঙৰ ডাঙৰকৈ লিখিছিল ।’পুষ্পা, পুষ্পাৰাজ আপুন লিখেগা নেহি চালা।“