কোনে দখল কৰিব নাগালেণ্ড বিধানসভাৰ আসন !

Share

বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা । ৰাজ্য খনত ভোটগণনা প্ৰক্ৰিয়াৰ বাবে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সমগ্ৰ ৰাজ্যখনত মুঠ ১৬ টা ভোট গ্ৰহণ কেন্দ্ৰ  স্থাপন কৰা হৈছে। আনকি, প্ৰতিটো বিধান সভা সমষ্টিৰ ভোট গণনাৰ বাবে পৃথক পৃথক টেবুলৰ ৱ্যৱস্থা কৰা হৈছে। নেচনেল ডেম-ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী  আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে দ্বিতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। নাগা পিপলছ ফ্ৰন্টে ২১ খন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। লোক জনশক্তি পাৰ্টী আৰু ৰিপ্লকান পাৰ্টী  আৱ ইণ্ডিয়াই ক্ৰমানয়ে ১৬ আৰু ৮ জন প্ৰাৰ্থী প্ৰদান কৰিছে। ইয়াৰ উপৰি ১৯ জন প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰিছে।   

উল্লেখযোগ্য যে , নাগালেণ্ড নিৰ্বাচনৰ ফলাফল দিনটোৰ শেষৰ ফাললৈ ঘোষণা হোৱাৰ সম্ভাৱনা আছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *