আজি ত্ৰিপুৰাত বিধানসভা নিৰ্বাচন কোনে মাৰিব শেষ হাঁহি

Share

১৬ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰৰ পুৱা ৭ বজাৰ পৰা ত্ৰিপুৰা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয়। বিধানসভা নিৰ্বাচনৰ ৬০ খন আসনৰ বাবে ৰাজ্যখনত ৩,৩২৮ টা কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া বৰ্তমান সময়লৈ চলি আছে  । নিৰ্বাচনত মুঠ ২৫৯ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২৮.১৩ লাখ ভোটাৰে । এই প্ৰাৰ্থীসকলৰ ভিতৰত ২০ গৰাকী মহিলা প্ৰাৰ্থী অৱৰ্তীণ হৈছে। নিৰ্বাচন আয়োগৰ মতে, ২৮.১৩ লাখ ভোটাৰ ভিতৰত  ১৪,১৫,২৩৩ জন পুৰুষ ভোটাৰ, ১৩,৯৯,২৮৯ গৰাকী মহিলা ভোটাৰ আৰু ৬২ জন তৃতীয় লিংগৰ ভোটাৰ।

এইবাৰৰ নিৰ্বাচনত আই পি এফ টি আৰু বিজেপিয়ে আগন্তুক নিৰ্বাচনত কাৰ্যালয়ৰ বাবে একত্ৰিত হৈ ৫৫ টা সমষ্টিত প্ৰাৰ্থী আগবঢ়ায় আৰু আই পি এফ টি য়ে ৫খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে।

আনহাতে, বাওঁপন্থী পাৰ্টী- চিপিএম, ফৰৱাৰ্ড ব্লক, কমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া(চিপিআই) আৰু ৰিভলিউচনৰী ছচিয়েলিষ্ট পাৰ্টী (আৰএছপি) ৪৭ খন আসনত  লগতে কংগ্ৰেছে ১৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।  একেদৰে তৃণমূল কংগ্ৰেছে ২৮খন আৰু নিৰ্দলীয় হিচাপে ৫৮জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে  এই নিৰ্বাচনত। 

উল্লেখ্য যে, যিহেতু বৰ্তমানলৈ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ভোটদান চলি আছে, নিৰ্বাচনী আয়োগৰ মতে  দুপৰীয়া ১ বজালৈকে ৫১.৪২% তকৈও অধিক ভোটদান পঞ্জীয়ন কৰা হৈছে। 

অহা ২ মাৰ্চত কৰা হ’ব চুড়ান্ত ভোট গণনা ।

Leave a Reply

Your email address will not be published. Required fields are marked *