কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি!

Share

কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ তাক লৈ চৰ্চা অব্যাহত,ইফালে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। ইতিমধ্যে  প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোডীয়ে নাড্ডাক তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্বও দিছে। লোকসভা নিৰ্বাচন অন্ত পৰাৰ পাছৰে পৰা বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ কোন হ’ব সেই বিষয়টোলৈ চৰ্চা অব্যাহত আছে । এই পদৰ বাবে বহু কেইজন জ্যেষ্ঠ বিজেপি নেতাৰ নাম চৰ্চালৈ আহিছে যদিও তাৰ লগে লগেই নাগপুৰতো ইয়াক লৈ ব্যস্ততা বাঢ়িছে।ইতিমধ্যে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে জে পি নড্ডাই আৰ এছ এছৰ সহায় নোহোৱাকৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰে বুলি কোৱা কথাক লৈ নাৰাজ হৈছে আৰ এছ এছ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ কাম-কাজক লৈয়ো নাগপুৰ বাসী সন্তুষ্ট নহয় । সেয়ে দলৰ নিয়ন্ত্ৰণ ৰাখিবলৈ এতিয়া নাগপুৰে বিজেপিৰ সভাপতি পদত আৰ এছ এছৰ আনুগত্য এগৰাকী জ্যেষ্ঠ নেতাক দায়িত্ব দিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *