শাৰদ পাৱাৰৰ ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল চমুকৈ এন চি পিৰ পৰা পদত্যাগ কৰাৰ পাছতে ৰাষ্ট্ৰীয় ৰাজনৈতিক ক্ষেত্ৰখনত এক আলোড়নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
শাৰদ পাৱাৰে বুধবাৰে এই বিষয়ত মুখ খুলিছে আৰু কৈছে যে তেওঁৰ এই পদত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে বহু হেঁচা আহিছে। তাৰ মাজতে আকৌ অজিত পাৱাৰে কৈছে শাৰদ পাৱাৰে লোৱা এই সিদ্ধান্ত প্ৰত্যাহাৰ নহয়।
অৱশ্যে অজিত পাৱাৰৰ এই মন্তব্যৰ বিপৰীতে দলটোৰ আন কেইবাজনো বিষয়ববীয়াই শাৰদ পাৱাৰৰ পদত্যাগৰ সিদ্ধান্তৰ বিৰোধিতা কৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এনে চৰ্চা আৰু ঘটনা প্ৰবাহৰ মাজতে বুধবাৰে মুম্বাইত এন চি পিৰ ১৫ জনীয়া সদস্যৰ কমিটীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত দলটোৰ নতুন অধ্যক্ষক লৈ আলোচনা হয়। এন চি পিৰ নতুন অধ্যক্ষ কোন হ’ব তাক লৈও এতিয়া চৰ্চা অব্যাহত আছে। জানিব পৰা মতে, এন চি পিৰ নতুন অধ্যক্ষৰ দৌৰত আছে মূলতঃ তিনি নেতা- অজিত পাৱাৰ, সুপ্ৰিয়া চুলে আৰু প্ৰফুল্ল পেটেল।
উল্লেখযোগ্য যে, শাৰদ পাৱাৰ যদিও এন চি পিৰ পৰা পদত্যাগ কৰিছে, দলটোৰ বাঘজৰী নিজৰ হাততে ৰখাৰ পূৰ্ণ সম্ভাৱনা আছে।