ক্ৰমা९ তীব্ৰতৰ হৈছে ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ সংঘাত।টীম ইণ্ডিয়াৰ এই দুগৰাকী হেভীৱেইট ক্ৰিকেটাৰৰ সংঘাত সন্দৰ্ভত এক নতুন বিষয় চৰ্চালৈ আহিছে।ইনষ্টাগ্ৰামত মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক হাৰ্দিক পাণ্ডিয়াক আনফ’ল’ কৰিলে দলটোৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই।বিগত কেইমাহমানৰ পৰা দুয়োগৰাকীয়ে আনফ’ল’ কৰিছে ইজনে-সিজনক।এই বিষয়টো আইপিয়েলৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত বিতৰ্কৰ সৃষ্টি কৰিছে।মন কৰিবলগীয়া যে চলিত বৰ্ষৰ আইপিএললৈ কেইমাহমান বাকী থকা অৱস্হাত ৰোহিত শৰ্মাক আঁতৰাই হাৰ্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিছিল ফ্ৰেনছাইজীটোৱে।ফ্ৰেনছাইজীটোৰ উক্ত সিদ্ধান্তৰ পিছৰে পৰা মুম্বাই শিবিৰৰ ভিতৰত ইটোৰ পিছত সিটো অশান্তিৰ সৃষ্টি হৈছে।কিয় ৰোহিতৰ স্হানত আকস্মিকভাৱে হাৰ্দিকক অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ল,সেই সন্দৰ্ভত দলটোৰ মুখ্য প্ৰশিক্ষক মাৰ্ক বাউচাৰে এই বিষয়টোৰ সন্দৰ্ভত স্পষ্টীকৰণ দাঙি ধৰিছিল।প্ৰশিক্ষকজনে দলটোৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি উক্ত সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি কয় যে বেটাৰ হিচাপে ৰোহিতৰ পৰা শ্ৰেষ্ঠখিনি উলিয়াই আনিবলৈ বিচৰা হৈছে।ৰোহিতে নিজৰ বেটিং উপভোগ কৰক।ৰোহিতে যাতে শীতল মস্তিষ্কৰে বেটিং কৰিব পাৰে,তাৰ বাবেই হাৰ্দিকক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।লগতে প্ৰশিক্ষকজনৰ দৃষ্টিত বৰ্তমান সময়ত হাৰ্দিকেই মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ বাবে উপযুক্ত।