এক উৰাবাতৰি বিয়পছিল যে ২৭ মে’ অৰ্থাৎ আজি পুৱা ৯ বজাত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। ইতিমধ্যে বহু কেইটা আঞ্চলিক আনকি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমো ইয়াৰ সত্যাসত্য নিৰূপন নকৰি এই বাতৰি পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। যাক লৈ সাম্প্ৰতি বিভ্ৰান্তিৰ সৃষ্টি হৈছে শিক্ষাৰ্থী তথা অভিভাৱকসকলৰ মাজত।
কিন্তু এই উৰাবাতৰি সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত হৈছে। দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন এতিয়াও চূড়ান্ত হোৱা নাই। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু অথবা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ AHSEC ৰ পৰা এই পৰ্যন্ত কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা লাভ কৰা হোৱা নাই।
লক্ষ্যণীয় যে, পূৰ্বেও শিক্ষামন্ত্ৰীগৰাকীয়ে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত, বহুবাৰ এনে ভূৱা বাতৰি প্ৰকাশ হোৱাৰ পিছত টুইটযোগে এনে ভূৱা বাতৰিৰ পৰা সাৱধান থাকিবলৈ আহ্বান জনাইছিল। কিন্তু তাৰ পাছতো সংবাদ মাধ্যমসমূহে কোনো ধৰণৰ সত্যাসত্য নিৰূপন নকৰাকৈয়ে পৰিৱেশন কৰা বাতৰিয়ে দোমোজাত পেলাইছে শিক্ষাৰ্থীসকলক।