কি হব শিপিনী সকলৰ ভবিষ্যত ? বন্ধ হৈ পৰিব নেকি আৰ্টফেড?

Share

গুৱাহাটী ৫ এপ্ৰিলঃ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম  হস্ত তাত শিল্প কেন্দ্ৰ আৰ্টফেড ? ঐতিহ্য পৰম্পৰা জিয়াই ৰখা কথা কৈয়ে সীমাবদ্ধ হব নেকি চৰকাৰৰ কাম?যি সময়ত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ কথা কৈ আহিছে থলুৱা পিঠা পনা চৰকাৰী বৈথকত আপ্যায়নৰ সিদ্ধান্ত লৈছে  অনুস্থান বা সভা সমিতিত নিজ হাতে বোৱা থলুৱা গামোচা ব্যবহাৰৰ কথা কৈছে সেই সময়তেই কিন্তু বিপদ নামি আহিছে ৮ লাখ থলুৱা শিপিনীৰ জীৱনলৈ। কাৰণ বন্ধ হৈ পৰাৰ দিশত গতি কৰিছে আৰ্টফেড । মাত্ৰ কেইদিনমান পাচতেই আহি আছে অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহু য’ত ফুলাম গামোচা খনৰ অবিহনে উকা হৈ ৰব ৰঙালী বিহু ।

কাৰণ বিহু মানেই হ’ল অসমীয়াৰ স্বাভিমান ফুলাম গামোচা। উল্লেখ্য় যে, প্ৰতি বছৰে আৰ্টফেডে ৰাজ্যত গামোচা আগবঢ়াই আৰু এইবাৰ আৰ্টফেডৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব গামোচা ।কিয়নো বন্ধ হৈ পৰাৰ দিশে এতিয়া ৮লাখ শিপিনী জড়িত  হৈ থকা আৰ্টফেড । ৰাজ্যৰ এটা ব্যাগুম হস্ত তাঁত শিল্প কেন্দ্ৰটোত ৮লাখ শিপিনীৰ জীৱনলৈ আহি পৰিছে চৰম ভাবুকি । তাতোকৈ গুৰুত্ত্বপূৰ্ণ কথাটো হ’ল যে বিগত ১০টা মাহে কৰ্মচাৰি সকলে লাভ কৰা নাই দৰমহা এনে পৰিস্থিতিত শিপিনীসকলে ধাৰাবাহীক প্ৰতিবাদৰ কাৰ্যসুচী হাতত লৈছে।
যি সময়ত বহি ৰাজ্যৰ গামোচাই অসমৰ বজাৰ ভৰি পৰিছে আৰু থলুৱা গামোচালৈ বিপদ কঢ়িয়াই আনিছে ঠিক তেনে সময়তে আৰ্টফেডে চৰকাৰৰ অমনুযোগীতাৰ বাবে সমগ্ৰ বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এতিয়া প্ৰশ্ন হয় অস্তিত্ব হেৰাই যাব নেকি অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰ ? বিপদাপন্ন হৈ পৰিব নেকি ৮লাখ শিপিনীৰ? চৰকাৰে চকু দিব নে এইক্ষেত্ৰত ? কাৰণ চৰকাৰৰ অমনোযোগীতাৰ বাবেই এসময়ত বন্ধ হৈ যাব আৰ্টফেড।

Leave a Reply

Your email address will not be published. Required fields are marked *