ৰে’ল যাত্ৰাত কি হৈছিল নাগালেণ্ডৰ বহু চচ্চিত মন্ত্ৰী টেমজেন ইমনাৰ সৈতে, চেহেৰা দেখি কি প্ৰশ্ন কৰিছিল মন্ত্ৰীগৰাকীক ? খোৱা থালখন দেখি আচৰিত হৈছিল বহুজনে সুধিছিল আপোনাৰ ইমানখিনিৰে হৈ যাবনে? মন্ত্রীগৰাকীৰ উত্তৰ আছিল আকৰ্ষণীয় !

Share

নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনাই  অলপতে ভাৰতীয় ৰেলৰ বিষয়ে টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। পোষ্টটোৱে মানুহক নষ্টালজিয়াৰ  দেশলৈকে যেন লৈ গৈছে আৰু যদি আপুনি ৰাজধানী এক্সপ্ৰেছৰ নিয়মীয়া যাত্ৰী হয় তেন্তে আপুনিও এই পোষ্টটো চোৱাৰ পিছত স্মৃতিৰ ৰঙীণ দলিচাত হয়তো  হেৰাই যাব।টেমজেন ইমনা আলঙে গুৱাহাটীৰ পৰা ডিমাপুৰলৈ ৰাজধানী এক্সপ্ৰেছত গৈ থকা অৱস্থাত  তেওঁক দিয়া খাদ্য প্লেটৰ এখন ফটো শ্বেয়াৰ কৰিছিল। এই চুপাৰ-স্পীড এক্সপ্ৰেছ ৰেলখনত সৰ্বোত্তম দৈৰ সৈতে থালখনত আছিল  ৰুটি, দাইল, ভাত  আৰু অন্য বহুতো বস্তু ।

মন্ত্ৰীগৰাকীয়ে এই সেৱাক আন্তৰিকতাৰে প্ৰশংসা কৰিছিল আৰু ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱকো টেগ কৰিছিল তেওঁৰ পোষ্টটোত । পোষ্টটোৰ কেপচনত  লিখা আছিল, “জীৱন হৈছে এক যাত্ৰা, যাত্ৰাটো উপভোগ কৰক; খাদ্য হৈছে জীৱন, কেতিয়াও আপোনাৰ খাদ্য ত্যাগ নকৰিব! গুৱাহাটীৰ পৰা ডিমাপুৰলৈ যাওঁতে #RajdhaniExpress আড়ম্বৰপূৰ্ণভাৱে পৰিৱেশন কৰা ৰাতিৰ আহাৰৰ বাবে কৃতজ্ঞ।

Leave a Reply

Your email address will not be published. Required fields are marked *