পশ্চিম কাৰ্বি আংলং জিলাত বিষাক্ত কাঠফুলা সেৱনৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচীৰ আয়োজন

Share

পশ্চিম কাৰ্বি আংলং জিলাত বিষাক্ত কাঠফুলা সেৱনৰ বিৰুদ্ধে যুঁজ দিয়াৰ অংশ হিচাপে জিলাখনৰ একাধিক স্থানত সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । বৈঠালাংছ’ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ভকছং, উম্পানাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত পুটছাৰি আৰু ঔগুৰি, ডনকামুকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মাইলু, শিলডুবি, টুমপ্ৰেং, তাৰাডুবি আৰু খেৰনীৰ লগতে জিৰিকিন্দিং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিভিন্ন ঠাইত বিস্তৃতভাৱে সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল বনৰীয়া কাঠফুলা সেৱন কৰাৰ ফলত হোৱা ভয়াৱহ বিপদৰ বিষয়ে জনসাধাৰণক অৱগত কৰা আৰু সজাগতা সৃষ্টি কৰা।

জনজাতীয় খাদ্যৰ এক অপৰিহাৰ্য অংশ হিচাপে বহু লোকে অজানিতে কাঠফুলাৰ বিষাক্ত প্ৰজাতি সেৱন কৰে, যাৰ ফলত প্ৰতি বছৰে পশ্চিম কাৰ্বি আংলঙত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিগত বছৰত জিলাখনত বিষাক্ত কাঠফুলা সেৱনৰ ১৮ টাকৈ ঘটনা চিনাক্ত কৰণ কৰা হৈছিল । সাধাৰণতে বিষাক্ত কাঠফুলা ভক্ষণৰ মাথোঁ কেইমিনিটমানৰ পাচৰ পৰা আৰম্ভ কৰি প্রায় ছঘণ্টাৰ ভিতৰত বিষক্রিয়াঘটিত উপসৰ্গবোৰৰ বাহ্যিক প্রকাশ ঘটে । যিবোৰক লৈ জনসাধাৰণ অধিক অৱগত নহয়,ইয়াৰ ফলত ৰোগীৰ অৱস্থা সংকটজনক হৈ জীৱনৰ প্রতি ভাবুকিৰ সৃষ্টি হোৱাৰ শংকা নামি আহে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে জিলাখনৰ চিকিৎসক, সহকাৰী খণ্ড আঁচনী প্ৰৱন্ধক, আশা কৰ্মী তথা হেল্থ এদুকেটৰৰ সমন্বিতে বিভিন্ন দলে ঠায়ে ঠায়ে গৈ কাঠফুলা সেৱনৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰে। এই সজাগতামূলক কাৰ্যসূচীক লৈ জিলা আঁচনী প্ৰৱন্ধক হিল্টন শইকীয়াই কয়,’বৰ্তমান আমি কিছু সজাগ হোৱাৰ সময় আহি পৰিছে, কোনবোৰ বিষাক্ত আৰু কোনবোৰ খোৱাৰ বাবে উপযোগী কাঠফুলা সেইবোৰ আমি জানিহে সেৱন কৰিব লাগে। আমি ঠায়ে ঠায়ে কাঠফুলা সেৱনৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতাক লৈ মাইকিং কৰিম, এনেধৰণৰ সজাগতামূলক অনুষ্ঠান চলি থাকিব । লিফলেট কিছুমান আমি ছপা কৰিছোঁ যিবোৰ আশা কৰ্মী সকলে জনসাধাৰণৰ মাজত বিতৰণ কৰিব । ৰাইজৰ যঠেষ্ট সহাঁৰি পাইছোঁ। অনাগত দিনটো এনে সঁহাৰি আমাৰ চিৰ কাম্য।

Leave a Reply

Your email address will not be published. Required fields are marked *