অসমক আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তুলিমঃমুখ্যমন্ত্ৰী

Share

নিউজ ডেস্ক, ৮ আগষ্টঃ দেওবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুস্থিত কৰা হয় নীতি আয়োগৰ সপ্তমখন বৈঠক। এই বৈঠক খনত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বৈঠকখনত আত্মনিৰ্ভৰশীল অসম গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।এই বৈঠকখনত অংশগ্ৰহণ কৰি  মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,” কৃষিৰ আধুনিকীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে ।কৃষকসকলে যাতে বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি-কাৰ্যত মনোনিৱেশ কৰি অধিক উৎপাদন  কৰিব পাৰে,তাৰ বাবে চৰকাৰখনে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।”

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে ,”অনাগত দিনবোৰত সুনিৰ্দিষ্ট পৰিকল্পনাৰে অসম আগবাঢ়ি যাব।কেন্দ্ৰীয় চৰকাৰে কৃষিখণ্ডৰ আধুনিকীকৰণত সৰ্বাধিক গুৰুত্ব দিছে।”

উল্লেখ্য যে উক্ত বৈঠকখনত  চহৰ উন্নয়ন, অমৃত মহোৎসৱ , হৰ ঘৰ ত্ৰিৰংগাৰ দৰে বিষয়ৰ উপৰত আলোচনা কৰা হয়। বৈঠকখনত অমিত শ্বাহ, যোগী আদিত্যনাথ আদিৰ লগতে বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী  উপস্থিত থাকে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *