পুনৰ মাতৃভাষালৈ অশনি সংকেট! মাতৃভাষাৰ বিদ্যালয়লৈ শেষৰটো গজাল মাৰিবলৈ সাজু চৰকাৰ!

Share
নিউজ ডেস্কঃ ৰাজ্যত এখনৰ পাছত এখনকৈ বন্ধ হৈছে চৰকাৰী বিদ্যালয়। ৩৪ খন উচ্চ মাধ্যমিক বিদ্যালয় বন্ধৰ সিদ্ধান্ত লোৱাৰ সময়তেই এইবাৰ আকৌ ২৫০০ খন বিদ্যালয় একত্ৰীকৰণৰ চিন্তা-চৰ্চা চলাইছে ৰাজ্য চৰকাৰে। ২৫০০ খন বিদ্যালয়ৰ ভিতৰত ৩০০ খন বিদ্যালয়ৰ একত্ৰীকৰণৰ সিদ্ধান্ত ইতিমধ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দৰ্ভত শিক্ষা মন্ত্ৰী ড৹ ৰণোজ পেগুৱে কয় যে, ” পৰীক্ষাৰ ফল শূন্য হোৱা বিদ্যালয় থকাতকৈ নথকাই ভাল।হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্য ফল দেখুওৱা বিদ্যালয়ৰ বাবে চৰকাৰে পইচা খৰচ নকৰে। কম সংখ্যক ছাত্ৰ-ছাত্ৰী থকা আৰু  উন্নত ফল দেখুৱাব নোৱাৰা বিদ্যালয়সমূহ বন্ধ হ’ব কিম্বা একত্ৰীকৰণ হ’ব। বৰেণ্য ব্যক্তিৰ নামত থকা বিদ্যালয়সমূহ চৰকাৰে বন্ধ বা একত্ৰীকৰণ কৰিব খোজা নাই। কিন্তু জিলা শিক্ষা বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত ২৫০০ খন বিদ্যালয় একত্ৰীকৰণৰ যি প্ৰস্তাৱ আহিছে সেয়া ৰাজ্য চৰকাৰে তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰিছে ” ।

Leave a Reply

Your email address will not be published. Required fields are marked *