প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ অৰ্থনৈতিক উন্নয়ন ভয়াৱহভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ঘৰুৱা উ९পাদনো বহুসংখ্যক হ্ৰাস পাইছে। এনেতে দেশৰ অৰ্থনৈতিক অৱস্থাৰ জোৰা মাৰিবলৈ আবকাৰী তথা সীমা শুল্ক বৃদ্ধিৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে। যাৰ ফলত বৃদ্ধি পাব দৈনন্দিন জীৱনত ব্যৱহৃত অত্যাৱশ্যকীয় কিছুমান সামগ্ৰীৰ মূল্য।
দাম বৃদ্ধিয়ে ইতিমধ্যে কোঙা কৰি পেলাইছে সাধাৰণ লোকৰ জীৱন। ইয়াৰোপৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি তথা চৰকাৰৰ ইটোৰ পিছত সিটোকৈ কৰে বিপৰ্যস্ত কৰি তুলিছে সকলোকে।
ইতিমধ্যে নৱ বৰ্ষৰ পৰাই দেশত ৰেফ্ৰিজেৰেটৰৰ ৫ শতাংশ আৰু চিলিং ফেনৰ ২০ শতাংশ পৰ্যন্ত দাম বৃদ্ধি পাইছে। পহিলা জানুৱাৰীৰ পৰাই বাণিজ্যিক চিলিণ্ডাৰৰ দাম ২৫ টকাকৈ বৃদ্ধি কৰা হৈছে। তদুপৰি কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে দাম বৃদ্ধি পাবলগীয়া সামগ্ৰীসমূহৰ এখন তালিকা প্ৰস্তুত কৰিছে। এই তালিকাত বিভিন্ন ধৰণৰ ভিটামিন, প্লাষ্টিকৰ সামগ্ৰী, গ্লাছ পেপাৰ, অলংকাৰ, বিভিন্ন ধৰণৰ বৈদ্যুতিক সামগ্ৰী তথা আন বহু সামগ্ৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। জানিব পোৱা মতে, এই সামগ্ৰীসমূহৰ বৃদ্ধি পাব শুল্ক।
উল্লেখযোগ্য যে, অহা মাহত সংসদত দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটতো বহুসংখ্যক সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰস্তাৱ লোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত বাজেট গৃহীত হোৱাৰ পাছত দেশত মূল্য বৃদ্ধিয়ে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে।