কংগ্ৰেছ কাৰ্যালয়ত মহাৰণ!বৰাকত বিধ্বস্তৰ দিশে গতি কৰিছে কংগ্ৰেছ 

Share
গুৱাহাটী,৫এপ্রিলঃ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থক কাছাৰৰ দায়িত্বৰ পৰা আঁতৰোৱাৰ দাবীত সোমবাৰে শিলচৰ কংগ্ৰেছ কাৰ্যালয়ত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় । তদুপৰি, ইন্দিৰা ভৱনত যুৱ কংগ্ৰেছ কৰ্মীসকলৰ মাজত সৃষ্টি হয় একপ্রকাৰ থৈয়া-নথৈয়া ৰণ ।প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ উপস্থিতিতে অৰিয়াঅৰিত লিপ্ত হয় কংগ্ৰেছী কৰ্মীসকল ।সমাগত পৌৰ নিগমৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰা সময়তে ঠিক একেদৰে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনী সংক্রান্তত অপূৰ্ব ভট্টাচাৰ্যৰ উপস্থিতিত আহ্বান কৰা হৈছিল এখন বৈঠক ।ইয়াৰ পূৰ্বে ,কৰিমগঞ্জৰ পল্লৱ সিং নামৰ এজন যুৱনেতা শিলচৰ যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে মানি নলয় বুলি ক্ষুব্ধ কংগ্ৰেছীসকলে ষ্পষ্টমত প্রকাশ কৰি দিয়াৰ পাছতে দুই ফৈদৰ মাজত সৃষ্টি হয় মহাৰণ ।আৰু তাৰ পাছতে পৰিস্থিতি ইমানেই ভয়ানক ৰূপ ল’লে যে পাছৰ পৰিস্থিতি নিয়ন্ত্রণৰ অৰ্থে অতিৰিক্ত আৰক্ষী অধীক্ষক আৰক্ষী বাহিনীক লৈ উপস্থিত হয় ।
আনফালে , আকাশলংঘী মূল্যবৃদ্ধিয়ে সমগ্ৰ ৰাজ্য কপাঁই তোলাৰ সময়তে পেট্র’ল-ডিজেলৰ পৰা আদি কৰি নিত্য ব্যৱহাৰ্য্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ প্রতিবাদত সোমবাৰে ধৰ্ণা কাৰ্যসূচীৰে  শিলচৰ মুখৰিত কৰি তোলে জিলা কংগ্ৰেছে ।প্রতিবাদী সমদলটোৰ নেতৃত্ব বহন কৰিছিল প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা কাছাৰৰ দায়িত্বপ্রাপ্ত কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য ।অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে  ভিন্ন শ্ল’গানেৰে তীব্র প্রতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰি তোলে ।তদুপৰি ,মূল্যবৃদ্ধিৰ বাবে তীব্র সমালোচনা কৰে অপূৰ্ব ভট্টাচাৰ্যৰ লগতে জিলাৰ কংগ্ৰেছৰ নেতৃত্বই।

Leave a Reply

Your email address will not be published. Required fields are marked *