অনলাইন আৰু কে ৱাই চি প্রৱঞ্চনাৰ বিৰুদ্ধে গ্রাহকসকললৈ Vodafone ৰ সতৰ্কবাণী

Share

মাধুৰীমা ৰায়

গুৱাহাটী, ৭ আগষ্ট: কিছু দিনৰ পৰা Vodafone ৰ গ্রাহকসকলে অচিনাক্ত নম্বৰৰ পৰা তেওঁলোকক তেঁওলোকৰ কে ৱাই চি তৎক্ষণাৎ আপডেট কৰিবলৈ কোৱা এছ এম এছ আৰু কল পাইছে। যিটো য়ে Vodafone কৈছে যে ই এক প্ৰৱঞ্চনা হয় আৰু প্রৱঞ্চকসকলে এই ক্ষেত্ৰত কোম্পানীৰ প্রতিনিধি হিচাপে ছদ্মবেশ লয় আৰু কে ৱাই চি নকৰিলে সন্দেহহীন ব্যৱহাৰকাৰীসকলক ছিম ব্লকৰ ভাবুকি দিয়ে। তেঁওলোকে প্ৰমাণীকৰণৰ নামত গ্ৰাহকৰ পৰা গোপনীয় তথ্য বিচাৰি কল, এছ এম এছ কৰিব পাৰে। সেয়েহে Vodafone য়ে ইয়াৰ গ্ৰাহকসকলক সতৰ্ক কৰি দিয়ে যে তেওঁলোকে পাৰাপক্ষত এনে অনুমোদিত নথকা কল আৰু এছ এম এছ যাতে গ্ৰহণ নকৰে। লগতে গ্ৰাহকসকলক এছ এম এছত উল্লেখ কৰা যিকোনো লিংকত ক্লিক নকৰিবলৈ, তেঁওলোকৰ কে ৱাই চি বিৱৰণ নিদিবলৈ বা ক’ল এটাত কাৰো সৈতে কোনো অ’ টি পি ভাগ বতৰা নকৰিবলৈও পৰামৰ্শ দিয়ে ভি আই য়ে। গ্ৰাহকসকলক জনোৱা হৈছে যে কোম্পানীৰ পৰা সকলো গ্ৰাহকৰ যোগাযোগ কেৱল এছ এম এছ আই ডি ‘ভিকেয়াৰ’ৰ পৰাহে কৰা হয়। সেয়েহে এই ক্ষেত্ৰত যিকোনো অপ্ৰমানিত লিংকত ক্লিক কৰিলে বা যিকোনো বিৱৰণ ভাগ বতৰা কৰিলে তাৰ ফলত ম’বাইল ডিভাইচৰ পৰা ডাটা আৰু তথ্য চুৰি হ’ব পাৰে আৰু ইয়াৰ কোনো গুৰুতৰ পৰিণাম হ’ব পাৰে বুলি সকীয়াই দিয়ে Vodafone য়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *