কটন বিশ্ববিদ্যালয়ত হিংসাত্মক ঘটনা দুই হোষ্টেলৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিট

Share
গুৱাহাটী, ৬ জানুৱাৰীঃ গৰিমামণ্ডিত কটন বিশ্ববিদ্যালয়ৰ সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেল আৰু মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলৰ দুই ছাত্ৰৰ মাজত মাৰপিট ঘটনা। এই ঘটনাত কেইবাজনো ছাত্ৰ আহত হয়। নৈশ অহাৰ গ্ৰহণ কৰি থকাৰ সময়তে এই ঘটনা হয়। ১০ জনৰো অধিক ছাত্র গুৰুতভাৱে আঘাত প্ৰাপ্ত হয় এই ঘটনাৰ ফলত। নিশাই ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আহত ছাত্ৰক জি এম চি এইছলৈ প্ৰেৰণ কৰে। 
নিৰ্বাচন কেন্দ্ৰীক এই হিংসাত্মক ঘটনা সংঘটিত হয় গুৱাহাটী তথা অসমৰ অন্যতম বিশ্ববিদ্যালয়খনত। উল্লেখ্য যে, কালি ৫ জানুৱাৰী তাৰিখ বুধবাৰে বিশ্ববিদ্যালয়খনত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনৰ পিছতে নিশা উত্তপ্ত হৈ পৰে দুটা ছাত্ৰবাস।

Leave a Reply

Your email address will not be published. Required fields are marked *