গুৱাহাটী,১৬ ছেপ্তেম্বৰ,নিউজ ডেস্কঃ আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ভিক্টৰ দাসৰ। এসপ্তাহৰ পূৰ্বে ভিক্টৰ দাসক আৰক্ষীয়ে আটক কৰিছিল। ভিক্টৰ দাসে চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত ধনৰ লেন-দেনৰ অভিযোগ তুলিছিল। কিন্তু এই সন্দৰ্ভত উপযুক্ত প্ৰমাণ দিব নোৱাৰাত উৰাবাতৰি প্ৰচাৰ কৰাৰ অভিযোগত ভিক্টৰ দাসক আটক কৰা হৈছিল। উল্লেখ্য যে, আজি চি জি এম আদালতত ভিক্টৰ দাসক হাজিৰ কৰোৱা হ’ব। আনহাতে আজি হঠাৎ পাণবজাৰ থানাৰ লকআপত অসুস্থ হৈ পৰে ভিক্টৰ দাস।
উল্লেখ্য যে, ভিক্টৰ দাসক পুনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে।