দীৰ্ঘসময় জেৰাৰ সন্মুখীন হোৱাৰ পিছত অৱশেষত গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস

Share
ডিজিটেল ডেস্কঃ দীৰ্ঘসময় জেৰাৰ সন্মুখীন হোৱাৰ পিছত অৱশেষত গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস। ২৬ হাজাৰ নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে। দীৰ্ঘসময় জেৰাৰ অন্তত  ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ।তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধন লেনদেন হোৱাৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰক। উল্লেখ্য যে শুকুৰবাৰে আগবেলা পাণবজাৰ থানালৈ তলব কৰিছিল ভিক্টৰক। গোপন স্থানত ভিক্টৰ দাসক আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই জেৰা চলাইছিল।
উল্লেখ্য যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তুলিছিল ভিক্টৰ দাসে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক ছ’চিয়েল মিডিয়াত টেগ কৰি ৩ ৰ পৰা ৮ লাখ টকা চাকৰিৰ নামত টকা সংগ্ৰহ কৰাৰ কথা  টুইট কৰিছিল ভিক্টৰ দাসে ।লগতে কেইবাজনো প্ৰাক্তন বিধায়ক এই কেলংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে।

Leave a Reply

Your email address will not be published. Required fields are marked *