অনালি শৰ্মা
ৰাজ্য চৰকাৰে ঘোষণা কৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা।
প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰিব ৰাজ্য চৰকাৰে ।
সামাজিক সংগঠন কস্তৰবা গান্ধী স্মাৰক ট্ৰাষ্টৰ অসম শাখাক প্ৰদান কৰিব এই বঁটা ।
উক্ত বঁটাৰ বাবে জাৰ্মানীত থকা অসমীয়া অসমীয়া সাহিত্যিত ড০ নিৰোদ কুমাৰ বৰুৱাৰ লগতে চেম্বাৰ কেয়াৰক বাছনি কৰা হৈছে । বঁটাৰ লগতে থাকিব ৫ লাখ কৈ টকা , প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ।
৩ আগষ্টত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এই বঁটা শ্ৰীমন্ত. শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰিব ।
এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া।
উল্লেখযোগ্য যে ১৯৪৬ চনত মহাত্মা গান্ধী অসম ভ্ৰমণলৈ অহাৰ সময়ত এই সংগঠনটো স্থাপন হৈছিল। কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ অসম শাখাই ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহিলা আৰু শিশু সকলৰ সবলীকৰণৰ বাবে যথেষ্ট অৱদান আগবঢ়াইছে।
ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ড০ নিৰোদ বৰুৱাই কাশী হিন্দু বিশ্ববিদ্যালয় , লণ্ডন বিশ্ববিদ্যালয় , জাৰ্মানীৰ বন বিশ্ববিদ্যালয় আদিৰ দৰে আগশাৰীৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি অসম ভাষা সাহিত্যক সমৃদ্ধ কৰাৰ বাবে বহুতো বৰঙণি আগবঢ়াই আহিছে। লগতে শ্বিলঙৰ প্ৰখ্যাত মিউজিক বেণ্ড শ্বিলং চেম্বাৰ কয়াৰেও উত্তৰ-পূবত সংগীতৰ জনপ্ৰিয়তাৰ বাবে দীৰ্ঘদিন ধৰি বহুতো যোগাত্মক কীম কৰি গৈছে।
ReplyForward
|