বিশিষ্ট অভিনেতা জয়ন্ত দাসক দুৰ্ব্যৱহাৰ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ দুৰ্ব্যৱহাৰকাৰী 

Share
ডিজিটেল ডেস্কঃ সাধাৰণ জনতাৰ প্ৰতি আৰক্ষী-প্ৰশাসনৰ ব্যৱহাৰ নম্ৰ কৰিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ এই আহ্বান ধোঁৱাচাঙত তুলিলে আৰক্ষীৰ এজন বাহন চালকৰ আচৰণে। অসমীয়া চিনেমা জগতৰ বিশিষ্ট অভিনেতা জয়ন্ত দাসক আৰক্ষীৰ বাহনৰ চালকৰ দুৰ্ব্যৱহাৰ। জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। তেওঁৰ সৈতে বৃহস্পতিবাৰে ঘটিযোৱা এক তিক্ত অভিজ্ঞতা। তাৰ পিছতে সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে এই বিষয়টো।
জানিব পৰা মতে, বৃহস্পতিবাৰে গধূলি উজান বজাৰৰ পৰা উভতি অহাৰ সময়ত তেওঁ দেখে যে এখন আৰক্ষী বাহন ৰৈ আছে। সেই সময়ত আৰক্ষী জোৱান এজনে বাহন খনৰ কাষত থিয় হৈ চাধা মাৰি থকা দেখি অভিনেতা গৰাকীয়ে অতি বিনম্ৰতাৰে মুখত হাঁহি এটা লৈ ৰসিক সুৰেৰে তেওঁ কয়- আৰক্ষীৰ পোছাক পিন্ধি এনেদৰে চাধা মাৰি থাকিলে ভাল নেদেখি। এই কথাষাৰ কোৱা লগে লগে গাড়ীৰ পৰা নামি আহি বাহন চালকজনে অকথ্য ভাষাৰে গালি-গালাজ কৰি আঙুলি টোঁৱাই অভিনেতাগৰাকীক খেদি আহে। তাৰ পিছতেই এই ঘটনাটোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত বাহনৰ চালকক

Leave a Reply

Your email address will not be published. Required fields are marked *