অৱশেষত জামিন লাভ কৰিলে বৰ্ষাশ্ৰীয়ে, ৰাজ্যবাসীক ধন্যবাদ পিতৃ-মাতৃৰ

Share

ডিজিটেল ডেস্কঃ দুমাহ ধৰি কাৰাৰুদ্ধ বৰ্ষাশ্ৰী বুঢ়াগোঁহাই এতিয়া মুকলি আকাশৰ তললৈ।অৱশেষত বৰ্ষাশ্ৰীৰ জামিন মঞ্জোৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।উল্লেখ্য যে ফেচবুকত এক বিতৰ্কিত কবিতা লিখাৰ বাবে ১৯ বছৰীয়া বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে।যাৰ বাবে সামাজিক মাধ্যমত বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।বিগত দুমাহ ধৰি গোলাঘাট কাৰাগাৰত বন্দী হৈ আছিল বৰ্ষাশ্ৰী।দিনৰ ১২ বজাৰ পৰা বৰ্ষাশ্ৰীৰ জামিন মঞ্জোৰৰ বাবে উচ্চ ন্যায়ালয়ত চলিছিল শুনানি প্ৰক্ৰিয়া।ইয়াৰ পূৰ্বে বৰ্ষাশ্ৰীয়ে কোনো ধৰণৰ দল-সংঠনত যোগদান নকৰে বুলি লিখিতভাৱে  আৰক্ষীক জনাইছিল বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃয়ে।আৰু অৱশেষত লিখিতভাৱে জনোৱা পত্ৰ অনুসৰি বৰ্ষাশ্ৰীৰ জামিন মঞ্জোৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *