জীৱন বচাবলৈহে গ্ৰেপ্তাৰ কৰা হৈছে বৰ্ষাশ্ৰীকঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Share

যোৰহাটৰ টীয়কৰ এগৰাকী মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ।দেবীচৰণ বৰুৱা মহাবিদ্যালয়ৰ দ্বিতীয় ষাণ্মাষিকৰ গণিত শাস্ত্ৰত অধ্যয়ণৰত বৰ্ষাশ্ৰী । বিপ্লৱী , জাতীয়তাবাদী কবিতা এটাৰ বাবেই বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে ।১৯ বছৰীয়া বৰ্ষাশ্ৰী প্ৰায় দুমাহ ধৰি জেলত বন্দী হ’বলগীয়া হোৱাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল ।পিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি এনেদৰে কয় যে – ‘আচলতে ৰাজ্যত একাংশ মহলে কথাটো ভূলকৈ উলিয়াইছে । যুৱতীগৰাকীক কবিতা লিখাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই । যুৱতীগৰাকীক গ্ৰেপ্তাৰ নকৰিলে তেওঁ আলফালৈ গ’লহেঁতেন । দুয়োতা কথাৰ মাজত একাংশ বুদ্ধিজীৱিয়ে ৰহণ সানিছে। 

ইতিমধ্যে জেললৈ মই মানুহ পঠাইছোঁ যুৱতীগৰাকীৰ লগত কথা পাতিবলৈ । এবাৰ মাক-দেউতাকে যদি দায়িত্ব লয় যে ছোৱালীজনীয়ে আলফালৈ নাযায় আৰু যুৱতীগৰাকীয়েও  যদি নিজ কয় যে তেওঁ আৰু আলফালৈ নাযায় তেন্তে তেওঁৰ মুক্তি হ’ব ।কিন্তু আলফালৈ গ’লে তেওঁতো মানৱ বোমা হৈ আমাকে মাৰিবহি । গতিকে আমি সকলো জনাৰ পাছত যুৱতীগৰাকীক কেনেকৈ আলফালৈ যাব দিম’ ?  তদুপৰি  তেওঁ লগতে কয় যে – ‘ যুৱতীগৰাকীক যেতিয়া প্ৰথমে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল , তেতিয়াই তেওঁ কৈছিল যে তেওঁ আলফালৈ যাবই । গতিকে তাইতো আমাৰ ছোৱালী, , তাইকতো বচাব লাগিব । গতিকে কোনোবাই যদি ভাৱে কবিতা লিখাৰ কাৰণে তেওঁক জেললৈ পঠিওৱা হ’ল , সেয়া নহয় । কবিতা আপুনি-ময়ো লিখোঁ । তেওঁৰ কবিতা লিখাৰ লগত আন এটা  কথাও জড়িত হৈ আছে । সেইটো হ’ল তেওঁ  আলফালৈ যাব বিচাৰে’ ।

Leave a Reply

Your email address will not be published. Required fields are marked *