মছজিদকেন্দ্ৰিক বিবাদক লৈ উত্তাল উত্তৰাখণ্ড

Share

বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত হৈছে এক মছজিদকেন্দ্ৰিক বিবাদ।জানিব পৰা মতে,উত্তৰকাশী চহৰৰ এটা মছজিদ চৰকাৰী মাটিত অবৈধভাৱে নিৰ্মাণ কৰা বুলি উল্লেখ কৰি চহৰখনৰ কেইবাটাও হিন্দু সংগঠনে উক্ত মছজিদটো ভঙাৰ দাবীত এক জন আক্ৰোশ ৰেলী উলিয়ায়।উক্ত ৰেলীটোত সৃষ্টি হয় ব্যাপক হিংসাৰ,কিয়নো সমদলকাৰী আৰু আৰক্ষীৰ মাজত সংঘটিত হয় আক্ৰমণৰ ঘটনা।সমদলকাৰীয়ে আৰক্ষীলৈ শিলাবৰ্ষণ কৰাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হৈ পৰে।উক্ত আক্ৰমণাত্মক ঘটনাত ৮ জন আৰক্ষীসহ সৰ্বমুঠ ৩৫ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’য়।চহৰখনৰ পৰিস্থিতি অতি বেয়ালৈ ঢাল খোৱা দেখি উত্তৰকাশী জিলা প্ৰশাসনে জিলাখনত সান্ধ্যআইন [১৬৩] বলৱৎ কৰে লগতে জিলাখনত অতিৰিক্ত সুৰক্ষা বাহিনী মোতায়ন কৰে।ইয়াৰোপৰি আৰক্ষীয়ে ৮ জন প্ৰতিবাদকাৰীৰ বিৰূদ্ধে গোচৰ ৰুজু কৰাৰ লগতে প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে,ইতিমধ্যে হিন্দু সংগঠনকেইটাই দিপাৱলী উদ্দেশ্যে, সম্প্ৰতি প্ৰতিবাদ স্থগিত ৰখাৰ কথা উল্লেখ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *