উত্তৰ প্ৰদেশত পুৱাৰ পৰাই আৰম্ভ হৈছে ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ। লক্ষণীয় কথাটো হল যে, ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণত ১০ খন জিলাৰ ৫৭ টা সমষ্টিত বিজেপি, সমাজবাদী , বহুজন সমাজবাদী পাৰ্টী, কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ মুঠ ৬৭৬ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথো । এই প্ৰাৰ্থীসকলৰ মাজত উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ কেইবাজনো কেবিনেট মন্ত্ৰীও আছে । এইবাৰ উত্তৰ প্ৰদেশত ৰেকৰ্ড কৰিব বুলিও দাবী কৰিলে আদিত্যনাথে । বিজেপিৰ দাবী ৮০ শতাংশ জনতাই উত্তৰ প্ৰদেশত বিছাৰিছে বিজেপি চৰকাৰ ।